Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
মালিকৰ পৰা বলপূৰ্বকভাৱে হাতী কাঢ়ি নিলে কুখ্যাত সৰবৰাহকাৰীয়ে

মালিকৰ পৰা বলপূৰ্বকভাৱে হাতী কাঢ়ি নিলে কুখ্যাত সৰবৰাহকাৰীয়ে

ডিজিটেল সংবাদ, বোকাখাতঃ ৰাজ্যত দীৰ্ঘদিন ধৰি অব্যাহত থকা হাতীৰ অবৈধ সৰবৰাহৰ মাজতে এইবাৰ বোকাখাতত এক চৰম উদ্বেগজনক তথা স্পৰ্শকাতৰ ঘটনা পোহৰলৈ আহিছে। বোকাখাত বালিজানস্থিত "হাতী দৰ্বাৰ"ৰ স্বত্বাধিকাৰী আশ্ৰফ আলীৰ বিৰুদ্ধে বন বিভাগৰ অনুমতি পত্ৰ থকাৰ পিছতো আনৰ ঘৰচীয়া হাতী বলপূৰ্বকভাৱে কাঢ়ি নিয়াৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। দিন-দুপৰতে সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, বোকাখাতৰ বাসিন্দা দুৰ্গা কুটুম নামৰ এজন লোকৰ এজনী ঘৰচীয়া হাতী বিগত কিছুদিন ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চল বিষয়াৰ কাৰ্যালয়ৰ জিম্মাত আছিল। অলপতে কুটুমে যাৱতীয় আৰু উপযুক্ত নথিপত্ৰ দাখিল কৰি বন বিভাগৰ পৰা আইনী প্ৰক্ৰিয়াৰে হাতীজনী নিজৰ অধীনলৈ অনাৰ নিৰ্দেশ লাভ কৰে।

সেই মৰ্মে দুৰ্গা কুটুমে যেতিয়াই বুঢ়াপাহাৰৰ পৰা হাতীজনী বোকাখাতৰ নিজ বাসগৃহলৈ আনি আছিল, ঠিক সেই সময়তে আদবাটতে "হাতী দৰ্বাৰ"ৰ মালিক আশ্ৰফ আলীয়ে সদলবলে আহি গুণ্ডাগিৰিৰে হাতীজনী বলপূৰ্বকভাৱে কাঢ়ি লৈ যায়।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী দুৰ্গা কুটুমে ন্যায় বিচাৰি ইতিমধ্যে বোকাখাত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে, অভিযুক্ত আশ্ৰফ আলীৰ বিৰুদ্ধে উজনি অসমত থিতাপি লৈ অসমৰ ঘৰচীয়া হাতী অৰুণাচল প্ৰদেশৰ দুৰ্গম পথেৰে বহিঃৰাজ্যলৈ অবৈধভাৱে সৰবৰাহ কৰাৰ এক দীৰ্ঘদিনীয়া চক্ৰ চলাই থকাৰ গুৰুত্বৰ অভিযোগ আছে। এই আন্তঃৰাজ্যিক হাতী সৰবৰাহকাৰী চক্ৰটোৰ সন্দৰ্ভত পূৰ্বেও সংবাদ মাধ্যমত ব্যাপক বাতৰি প্ৰকাশ পাইছিল যদিও চৰকাৰ তথা প্ৰশাসনৰ ৰহস্যজনক নীৰৱতাৰ বাবেই এতিয়া এনেদৰে দিন-দুপৰতে ডকাইতি সদৃশ কাণ্ড সংঘটিত কৰিবলৈ সাহস পাইছে বুলি সৰ্বত্ৰে চৰ্চা হৈছে।

প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বেও উজনি অসমত চোৰাং সৰবৰাহকাৰীয়ে অসমৰ ঘৰচীয়া হাতীৰ জীৱন্তে দুটাকৈ দাঁত কাটি লৈ যোৱাৰ দৰে এক অতি ভয়ংকৰ তথা নিৰ্দয় ঘটনা সংঘটিত কৰিছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে, আজি পৰ্যন্ত সেই বৰ্বৰ কাণ্ডৰ সৈতে জড়িত চোৰাং সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল বন বিভাগ বা আৰক্ষী।

আইনক বুঢ়া আঙুলি দেখুৱাই চলোৱা এই ডকাইতি কাণ্ডৰ পিছত এতিয়া বোকাখাত আৰক্ষীৰ পৰৱৰ্তী পদক্ষেপ সঁচাকৈয়ে লক্ষণীয় হ’ব। ভুক্তভোগী পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি হাতীজনী উদ্ধাৰ কৰাৰ দাবী জনাইছে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin