Dailyhunt
মাতৃৰ প্ৰেম...

মাতৃৰ প্ৰেম...

ড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক তৰেণ বড়ো। অসুস্থতা হেতু চিকিৎসাধীন হৈ থকা বিশিষ্ট সাহিত্যিকগৰাকী সম্পত্তি সুস্থ হৈছে। এই অসুস্থতাৰ মাজতে তেওঁ অব্যাহত ৰাখিছে সাহিত্য চৰ্চা। চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকোতেই তেখেতৰ সৃষ্টি'মাতৃৰ প্ৰেম'শীৰ্ষক কবিতাটি আজি বিশ্ব কবিতা দিৱস উপলক্ষে এই বিশেষ শিতানত প্ৰকাশ কৰা হৈছে...

হে' মোৰ চিৰ জননী

জনাব বিচাৰিছো তোমালৈ শত সহস্ৰ প্ৰণাম,

তোমাৰ অপাৰ, অসীম চেনেহৰ,

বহু আশা প্ৰত্যাশাক লৈ আছোঁ বাট চাই

নিবেদিছো তোমাৰ কৃপাতে মহামিলনৰ শলিতাটি

না না জাতি, উপজাতি হৃদয়ত স্পন্দিত হওঁক,

তোমাৰ শান্তিৰ প্ৰেৰণা বাণীৰে

তোমাৰ কোলাতে জনম লভি জ্ঞানৰ পোহৰে

নৱ প্ৰজন্মক নৱ আশাৰ জ্যোতিক জাতিষ্কাৰ কৰি

সমন্বয়ৰ ধ্বনিৰে বাজক মাদল, বাজক চিফুং বাহী

মানৱী হৃদয়ত বিকশিত হওঁক শত সহস্ৰজনৰ প্ৰাণত

পুনৰ জনম লভি তোমাৰ চেনেহী শীতলী হিয়াতে

চিৰ সুন্দৰৰ শ্যামলী বসুন্ধৰা আইৰ চৰণত ধৰি,

ৰৈ যোৱা মনৰ আশা প্ৰত্যাশাক সজ্জীৱিত কৰিম তুলি

হে মোৰ চিৰ জননী

তোমালৈ সহস্ৰ প্ৰণাম

জীয়াই থাকিম তোমাৰ আৰ্শীবাদৰ

দুৱাৰ ডলিত....।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin