
ডিজিটেল ডেস্ক: পৰিৱৰ্তনশীল প্ৰযুক্তিৰ লগত ফেৰ মাৰিবলৈকে হওঁক নতুবা আন কাৰণতে হওঁক, সামাজিক মাধ্যমৰ উন্মাদনা এতিয়া প্ৰতিটো চামৰ মাজতে বৃদ্ধি পাইছে। বিশেষকৈ কিশোৰসকল ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ দৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ প্ৰতি আসক্ত হৈ পৰিছে। দিনটোৰ অধিক সময়েই তেওঁলোকে এই সকলোবোৰত ব্যস্ত হৈ থাকে।
বিশেষজ্ঞসকলৰ মতে, ইউটিউবত চলি থকা ভিডিঅ'বোৰে মানসিক স্বাস্থ্যক ক্ষতিগ্ৰস্ত কৰে। যোৱা কেইবছৰমানত এই ভিডিঅ'বোৰ চোৱাৰ বাবে বহু কিশোৰ-কিশোৰী উদ্বেগৰ সমস্যাত ভূগিছে। ভোক নোহোৱা, নিদ্ৰাহীনতা তথা ভয়ৰ আদিও এনে সমস্যাসমূহৰ ভিতৰত অন্যতম। চাপপূৰ্ণ ভিডিঅ' চোৱাৰ ফলত শিশু-কিশোৰৰ মানসিক স্বাস্থ্য প্ৰভাৱিত হ'ব পাৰে।
ক'ৰোনা মহামাৰীৰ সময়তে কিশোৰ-শিশু সকলৰ এই অভ্যাস আৰম্ভ হোৱা বুলি কলেও হয়তো ভুল কোৱা নহ'ব। এই সন্দৰ্ভত বিশেষজ্ঞসকলে প্ৰায় ১০০ টা ভিডিঅ'য়ে গৱেষণা কৰিছিল।গৱেষণাৰ অন্তত প্ৰমাণ পোৱা মতে, ৫০ শতাংশতকৈও অধিক ভিডিঅ'ই মানসিক স্বাস্থ্যৰ ক্ষতি কৰি উদ্বেগ আৰু হতাশাৰ সৃষ্টি কৰিছে।
ই চিন্তাধাৰা সলনি কৰিব পাৰে
শিশু-কিশোৰসকলৰ মনটো একেবাৰেই কোমল। সেয়েহে ইউটিউবত দেখুওৱা ভিডিঅ'বোৰে তেওঁলোকৰ মগজু সহজতেই প্ৰভাৱিত কৰিব পাৰে। তেওঁলোকে তেওঁলোকৰ বয়সৰ সৈতে খাপ নোখোৱা এনে বহু তথ্য সামাজিক মাধ্যমৰ জৰিয়তে লাভ কৰিব পাৰে। যিয়ে তেওঁলোকৰ মন-মগজুত চাপ পেলাব পাৰে।
ছাইবাৰ উত্পীড়নৰ ভুক্তভোগী
বেছিকৈ সামাজিক মাধ্যম ব্যৱহাৰ কৰি শিশুসকল ছাইবাৰ উত্পীড়নৰ ভুক্তভোগীও হ'ব পাৰে। ইউটিউবত অধিক সময় অতিবাহিত কৰাৰ বাবে তেওঁলোক নেতিবাচক প্ৰকৃতিৰ হৈ পৰে সামাজিক মাধ্যমৰ প্ৰতি আসক্তি দুগুণে বৃদ্ধি পাব পাৰে।
আনহাতে, শেহতীয়া এক অধ্যয়ন অনুসৰি গোটেই দিনটো ইউটিউব ব্যৱহাৰ কৰিলে শিশুৰ মানসিক স্বাস্থ্য বেয়াকৈ প্ৰভাৱিত হয়। গৱেষণাই এইটোও প্ৰমাণ কৰিছে যে অধিক ইউটিউব ব্যৱহাৰ কৰি শিশুৱে তেওঁলোকৰ জীৱনতো অসন্তুষ্ট হৈ জীয়াই থাকিবলৈ আৰম্ভ কৰে। যদি আপোনাৰ সন্তানেও ইউটিউব যথেষ্ট ব্যৱহাৰ কৰি আছে, তেনেহ'লে তেওঁলোকৰ প্ৰতি অলপ মনোযোগ দিয়ক আৰু তেওঁলোকক ইয়াক অত্যাধিক ব্যৱহাৰ কৰাত বাধা দিয়ক।
ভাল আচৰণ নকৰা শিশুৰ অভিভাৱকে এইসমূহ দিশত গুৰুত্ব দিব