Dailyhunt

মেদবহুলতা, ডায়েবেটিচকে ধৰি বহু ৰোগ নিয়ন্ত্ৰণ কৰে আমলখিৰ ৰসে

ডিজিটেল ডেস্ক: আমলখিৰ ৰস আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াক সেৱন কৰিলে তেজ পৰিস্কাৰ হয়।তদুপৰি, মেদবহুলতা, মধুমেহ, জণ্ডিচ, এচিডিটি আৰু ৰক্তহীনতা আদিৰ দৰে বহুতো সমস্যাৰ পৰা আপোনাক আমলখিৰ ৰসে ৰক্ষা কৰিব পাৰে।আমলখিত ভিটামিন চি, টেনিন, এমিনো এচিড আৰু অত্যাৱশ্যকীয় ফেটি এচিড থাকে, যিয়ে চুলিক পুষ্টি প্ৰদান কৰে। বজাৰত অতি সহজে আমলখিৰ ৰস পোৱা যায় যদিও এই ৰস ঘৰত প্ৰস্তুত কৰি খালে আপুনি আৰু অধিক লাভাম্বিত হ'ব।

স্বাস্থ্যৰ ঔষধ সদৃশ আমলখিৰ ৰস প্ৰস্তুত কৰিবলৈ দৰকাৰী সামগ্ৰীসমূহ-

৪ টা আমলখি

১/৪ চামুচ নিমখ

৪ চাহ চামুচ চেনী

আধা চামুচ জালুকৰ গুৰি

চাট মচলা

কেইটামান বৰফৰ টুকুৰা

তৈয়াৰ কৰাৰ প্ৰক্ৰিয়া-

প্ৰথমে আমলখি কেইটা ভালদৰে ধুই সৰু সৰুকৈ কাটিব গুটিখিনি আঁতৰাই ল'ব।

ইয়াৰ পিছত, মিক্সাৰত জালুক, চাট মচলা, এগিলাচ পানী আৰু আমলখিৰ টুকুৰাখিনি দি মিহিকৈ গুৰি কৰিব। যেতিয়া ই গুৰি হৈ পৰে, ইয়াত নিমখ মিহলি কৰি চালনি এখনেৰে ভালদৰে ছেকিব। এতিয়া ৰসখিনি গিলাচ এটাত উলিয়াই লৈ বৰফৰ টুকুৰা দুটামান গিলাচত দি পৰিৱেশন কৰিব।

গ্ৰীষ্মকালত পাৰিলে সদায় খাব আনাৰসৰ ৰস
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin