Dailyhunt
মিছালীয়াসকল সাৱধান হওঁক

মিছালীয়াসকল সাৱধান হওঁক

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মৰ ১৮ মহাপুৰাণৰ ভিতৰত গৰুড় পুৰাণে জীৱন, মৃত্যু, স্বৰ্গ আৰু নৰকৰ বিষয়ে গভীৰ তথ্য প্ৰদান কৰে। এই পুৰাণ অনুসৰি, মৃত্যুৰ পিছত আমাৰ আত্মা যমৰাজৰ আদালতত উপস্থিত হয়, য'ত জীৱিত কালত কৰা সকলো কামৰ হিচাপ কৰা হয়। বিশেষকৈ, মিছা কথা কোৱা লোকসকলৰ বাবে যমৰাজে বিশেষ শাস্তিৰ ব্যৱস্থা কৰে।

হয়, গৰুড় পুৰাণত কোৱা হৈছে যে যেতিয়া কাৰোবাৰ মৃত্যু হয়, যমদূতে তেওঁৰ আত্মাক যমৰাজৰ আদালতলৈ লৈ যায়। তাত চিত্ৰগুপ্তই সকলো কামৰ বিৱৰণ উপস্থাপন কৰে। ভাল আৰু বেয়া কামৰ আধাৰত কোন আত্মাক নৰকত শাস্তি দিব লাগে, তাৰ সিদ্ধান্ত লোৱা হয়। মিছলীয়া লোকসকলক তপতাকুম্ভ নামৰ নৰকত শাস্তি দিয়া হয়। এই নৰকত চাৰিওফালে জুই আৰু গৰম কেৰাহী থাকে।

য'ত গৰম তেল আৰু লোৰ গুৰি থাকে। মিছলীয়াসকলৰ মূৰ এই গৰম কেৰাহীত সুমুৱাই দিয়া হয়। এই শাস্তি অত্যন্ত বেদনাদায়ক। সেয়েহে, এই পুৰাণত কোৱা হৈছে যে সদায় জীৱনত সত্য ক'ব লাগে আৰু কাৰো ক্ষতি কৰিব নালাগে।

গৰুড় পুৰাণৰ বাৰ্তা

আমি নিশ্চিতভাৱে জীৱনত ভাল আৰু বেয়া কামৰ ফল পাওঁ। সেয়েহে, মিছা কথা কোৱা আৰু ইয়াৰ কুপ্ৰভাৱবোৰ বুজি পোৱাটো নৈতিক দায়বদ্ধতা। এই পুৰাণ অনুসৰি, সত্য কথা কোৱা ব্যক্তিয়ে নৰকৰ অত্যাচাৰৰ পৰা মুক্তি লাভ কৰে। আনহাতে মিছা কোৱা ব্যক্তিয়ে অভাৱনীয় শাস্তিৰ সন্মুখীন হয়। সেয়েহে, গৰুড় পুৰাণ কেৱল ধৰ্মীয় শাস্ত্ৰই নহয়, ই জীৱনৰ এক পথপ্ৰদৰ্শক। এই পুৰাণ অনুসৰণ কৰি আমি আমাৰ জীৱনত উন্নতি কৰাৰ লগতে আত্মাৰ শান্তিও প্ৰাপ্ত কৰিব পাৰো।

বি.দ্ৰ: লেখাটো কেৱল বিশ্বাস আৰু তথ্যৰ ভিত্তিত লেখা হৈছে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin