Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
"মিছন কুইন আনাৰস"ৰ শুভাৰম্ভ...

"মিছন কুইন আনাৰস"ৰ শুভাৰম্ভ...

ডিজিটেল ডেস্কঃ উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন আৰু যোগাযোগ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই বুধবাৰে বিয়লি 'মিছন কুইন আনাৰস'ৰ শুভাৰম্ভ কৰে। ত্ৰিপুৰাৰ বিশ্বখ্যাত 'কুইন আনাৰস'ক কেন্দ্ৰ কৰি গ্ৰহণ কৰা এই বিশেষ পদক্ষেপক ৰাজ্যখনৰ এক গুৰুত্বপূৰ্ণ কৃষিভিত্তিক উদ্যোগ হিচাপে গণ্য কৰা হৈছে।

ত্ৰিপুৰাৰ 'কুইন আনাৰস'ৰ উৎপাদন, মূল্য সংযোজন, বিপণন আৰু ৰপ্তানিৰ সম্ভাৱনা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই মিছন আৰম্ভ কৰা হৈছে। কৃষকসকলৰ আয় বৃদ্ধি, কৃষিভিত্তিক উদ্যোগৰ বিকাশ আৰু ৰাজ্যখনৰ কৃষি অৰ্থনীতি অধিক মজবুত কৰাত এই আঁচনিয়ে বিশেষ ভূমিকা পালন কৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে।

ত্ৰিপুৰাৰ কুইন আনাৰসৰ সোৱাদ, সুগন্ধ আৰু গুণগত মানৰ বাবে দেশ-বিদেশত সমাদৃত। “মিছন কুইন আনাৰস”ৰ জৰিয়তে এই অনন্য কৃষিজাত সামগ্ৰীৰ ব্ৰেণ্ড মূল্য বৃদ্ধি কৰাৰ লগতে নতুন বজাৰ সৃষ্টি আৰু কৃষকসকলক অধিক লাভজনক সুযোগ প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

উল্লেখযোগ্য যে, ত্ৰিপুৰাৰ কুইন আনাৰস ত্ৰিপুৰাত থলুৱাভাৱে উৎপাদিত এবিধ আনাৰস। এই ফলবিধ ত্ৰিপুৰাৰ ৰাজ্যিক ফল। ১৫ নৱেম্বৰ, ২০১৪চনত ভাৰত চৰকাৰে ভৌগোলিক স্বীকৃতি পঞ্জীয়নৰ কাৰ্যালয়ে ত্ৰিপুৰাৰ কুইন আনাৰসক ভৌগোলিক স্বীকৃতি প্ৰদান কৰিছিল।

ত্ৰিপুৰাৰ কুইন আনাৰস কাইটীয়া, কমলা-হালধীয়া ৰঙৰ। এইবিধ ফলৰ গড় ওজন ৭৬১ গ্ৰাম। ফলৰ গুড়ি অংশৰ ৰং হালধীয়া। এটা ফলৰ মুঠ ১০০% ভিতৰত খাব পৰা মঙহালৰ অংশ ৮১.৪% আৰু ছাল ১৩.৯%।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin