Dailyhunt
মুছলমান যুৱকৰ সৈতে বিয়া নহয় এইগৰাকী অভিনেত্ৰী

মুছলমান যুৱকৰ সৈতে বিয়া নহয় এইগৰাকী অভিনেত্ৰী

ডিজিটেল ডেস্ক: ব্যতিক্ৰমী ফেশ্বন তথা স্পষ্টবাদী মনোভাৱৰ বাবে প্ৰায় সকলো সময়তে চৰ্চাৰ শীৰ্ষত থাকে বলীউডৰ অভিনেত্ৰী উৰ্ফী জাভেদ। শেহতীয়াকৈও এনে এক বিষয়ৰ বাবে পুনৰ চৰ্চালৈ আহিছে উৰ্ফীৰ নাম। হয়, তেওঁৰ জীৱনত ধৰ্মই কিদৰে প্ৰভাৱ পেলাইছে সেই চিন্তাধাৰা ব্যক্ত কৰি সম্প্ৰতি চৰ্চাত আছে অভিনেত্ৰীগৰাকী। কেৱল এয়াই নহয়, অভিনেত্ৰীগৰাকীয়ে হিন্দু ধৰ্মক ভালদৰে বুজিবলৈ ভাগৱত গীতা পঢ়ি থকা বুলিও কয়।

শেহতীয়া এক সাক্ষাৎকাৰত ইছলাম আৰু সমাজৰ পৰা লাভ কৰা সমালোচনা সন্দৰ্ভত উৰ্ফীয়ে নিজৰ মতামত মুকলিকৈ প্ৰকাশ কৰিছে। তেওঁ কয়, 'মই এগৰাকী মুছলমান সম্প্ৰদায়ৰ ছোৱালী। কিন্তু ভাগৱত গীতা মই ইতিমধ্যে পঢ়ি শেষ কৰিলো। আচৰিত কথাটো এয়ে যে মুছলমান সম্প্ৰদায়ৰ হোৱাৰ পাছতো কিন্তু মই মুছলমান মানুহখিনিৰ পৰাই বেছিকৈ ঘৃণা পাইছো।

তেওঁলোকৰ মতে মই ইছলামৰ ভাবমূৰ্তি কলংকিত কৰিছো। মুছলমান পুৰুষে বিচাৰে যে তেওঁলোকৰ মহিলাসকলে এক নিৰ্দিষ্ট ধৰণে আচৰণ কৰক। মই কেতিয়াও মুছলমান পুৰুষৰ সৈতে বিয়া নহওঁ। মই ইছলাম ধৰ্ম বিশ্বাস নকৰো আৰু নিৰ্দিষ্ট কোনো ধৰ্ম পালন নকৰো। গতিকে মই কাক ভাল পাওঁ, কাৰ সৈতে বিয়া পাতো তাক লৈ ভাৱি-চিন্তি নাথাকো।'

তেওঁ লগতে কয়, 'মোৰ মা এগৰাকী অতি ধাৰ্মিক মহিলা। কিন্তু তেওঁ কেতিয়াও আমাৰ ওপৰত নিজৰ ধৰ্ম জাপি দিয়া নাই। মোৰ ভাই-ভনীয়ে ইছলাম পালন কৰে আৰু মই নকৰো। ইয়াৰ পাছতো মোক মোৰ পৰিয়ালৰ লোকে ধৰ্ম গ্ৰহণৰ ক্ষেত্ৰত কেতিয়াও জোৰ-জবৰদস্তি কৰা নাই।মই ভাৱো সকলো মানুহৰ মন এনেকুৱাই হ’ব লাগে। আপুনি আপোনাৰ পত্নী আৰু সন্তানৰ ওপৰত নিজৰ ধৰ্ম জাপি দিব নোৱাৰে। ভক্তি-বিশ্বাস সদায়েই হৃদয়ৰ পৰা আহিব লাগিব, অন্যথা আপুনি বা ইশ্বৰ কোনোৱেই সুখী নহ’ব।’

উল্লেখ্য যে, উৰ্ফীৰ এই স্পষ্ট মতৰ পাছতে স্বাভাৱিকভাৱেই তেওঁ সমালোচনাৰ সন্মুখীন হৈছে। বহুতে অৱশ্যে উৰ্ফীৰ এই স্পষ্টবাদিতাক শলাগো লৈছে।

Also Read: আপুনিও যদি এই ৰাশিৰ, তেন্তে আপুনি সুখী !

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin