Dailyhunt

নামী-দামী ময়েশ্চাৰাইজাৰ সলনি ছালত গাখীৰ লগাব

ডিজিটেল ডেস্ক: গাখীৰৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই। গাখীৰ ছালৰ বাবেও যথেষ্ট উপকাৰী। ইয়াত ভিটামিন-এ, ডি আৰু বি ১২ৰ লগতে লেকটিক এচিডো পোৱা যায়, যিয়ে ছালৰ বহুতো সমস্যা আঁতৰ কৰাত সহায় কৰে। এনে পৰিস্থিতিত, ছালৰ সমস্যা আঁতৰাবলৈ গাখীৰেৰে তৈয়াৰ কৰা ফেচমাস্ক আপুনি ব্যৱহাৰ কৰিব পাৰে। তদুপৰি, ক্লিনজাৰ আৰু ট'নাৰ হিচাপেও গাখীৰ ব্যৱহাৰ কৰা হয়। শীতকালত গাখীৰেৰে মুখখন পৰিস্কাৰ কৰিলে ছালৰ সমস্যা আঁতৰ কৰাৰ লগতে ছালখনক কোমল কৰি ৰাখে। ইয়াক ছালৰ শুস্কতা আঁতৰাবলৈও ব্যৱহাৰ কৰা হয়।গাখীৰ ছালত প্ৰয়োগ কৰাৰ উপকাৰিতাসমূহৰ বিষয়ে আজি জানো আহক-

ছাল পৰিস্কাৰ হয়

অধিকাংশ মহিলাই মুখখন পৰিস্কাৰ কৰিবলৈ ব্যয়বহুল চাবোন বা ফেচ ৱাছ ব্যৱহাৰ কৰে।কিন্তু যদি আপুনি প্ৰাকৃতিকভাৱে ছালখন পৰিস্কাৰ কৰি ৰাখিবলৈ বিচাৰে, তেনেহ'লে গাখীৰ ব্যৱহাৰ কৰিব পাৰে।

ই আপোনাৰ ছালখন গভীৰভাৱে পৰিস্কাৰ কৰি উজ্জ্বল কৰি তুলিব।

ছাল হাইড্ৰেটেড হৈ থাকে

গাখীৰে ছালক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে। যদি আপোনাৰ ছাল অত্যাধিক শুকান হয়, তেনেহ'লে আপুনি গাখীৰৰে মুখখন পৰিস্কাৰ কৰা উচিত। ই ছালখন হাইড্ৰেটেড আৰু কোমল কৰি ৰাখিব।

শুষ্কতা আঁতৰ হয়

শীতকালত ছাল শুকান হৈ পৰে। যাতে আপুনি এই সমস্যাৰ পৰা হাত সাৰি থাকিবলৈ বিচাৰে, তেন্তে মুখত গাখীৰ প্ৰয়োগ কৰিব পাৰে। গাখীৰক প্ৰাকৃতিক ময়েশ্চাৰাইজাৰ বুলি গণ্য কৰা হয়। সেয়েহে, মুখখন গাখীৰেৰে পৰিস্কাৰ কৰিলে ছালখন আৰ্দ্ৰ হৈ থকাৰ লগতে ছালৰ শুষ্কতাও দূৰ হ'ব।

দাগ আঁতৰ হয়

যদি আপোনাৰ মুখত দাগ বা শালমইনা আছে, আপুনি গাখীৰ ব্যৱহাৰ কৰিব পাৰে। ই ছালৰ দাগ আঁতৰ কৰাতো যথেষ্ট সহায়ক। নিয়মীয়া গাখীৰেৰে ছাল পৰিস্কাৰ কৰিলে খুব কম দিনতে দাগ আৰু শালমইনা দূৰ হয়।

জ্বলা-পোৰাৰ সমস্যা দূৰ হয়

যিসকলৰ ছাল সংবেদনশীল, তেওঁলোকে ছালত গাখীৰ ব্যৱহাৰ কৰিব পাৰে। যদি কোনো প্ৰসাধন সামগ্ৰী আপোনাৰ ছালৰ প্ৰতি এলাৰ্জিক হয়, তেনেহ'লে গাখীৰ আপোনাৰ বাবে সঠিক বুলি প্ৰমাণিত হ'ব পাৰে।

খুব সোনকালে ছালৰ সমস্যা দূৰ কৰে দৈয়ে
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin