Dailyhunt
নিমিষতে দূৰ হ'ব মন, মগজু,কিডনী, লিভাৰৰ সমস্যা

নিমিষতে দূৰ হ'ব মন, মগজু,কিডনী, লিভাৰৰ সমস্যা

ডিজিটেল ডেস্ক: কেৱল ঔষধৰ দ্বাৰাই নহয়, আপুনি আপোনাৰ জীৱনশৈলী সলনি কৰিও বহু বেমাৰৰ পৰা নিজকে বচাই ৰাখিব পাৰে।হয়, আমাৰ জীৱনশৈলীয়েই বহু বেমাৰৰ কাৰণ।আন নালাগে, আপুনি সদায় ঘাঁহৰ ওপৰত খালি ভৰিৰে খোজ কাঢ়িয়েই বহু স্বাস্থ্য সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে। নিয়ৰ পৰা ঘাঁহৰ ওপৰত খালি ভৰিৰে খোজ কাঢ়িলে আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী আৰু চাপ উপশম হয়।ঘাঁহত খালি ভৰিৰে খোজ কঢ়াৰ স্বাস্থ্য উপকাৰিসমূহৰ বিষয়ে আজি জানো আহক-

সক্ৰিয় হৈ থাকে মগজু

ৰাতিপুৱা খোজ কাঢ়িলে আমাৰ মনোভাৱ সতেজ হয়। যদি আপুনি নিয়ৰ পৰি থকা সেউজীয়া কোমল ঘাঁহৰ ওপৰত খোজ কাঢ়ে, তেনেহ'লে ই মন শান্ত কৰে আৰু মগজুক সক্ৰিয় কৰি ৰাখে। একে সময়তে গোটেই শৰীৰে অক্সিজেন পায় আৰু আপুনি চাপমুক্ত হৈ থাকে।

স্বাস্থ্যৱান হয় যকৃত-বৃক্ক

যদি আপুনি প্ৰতিদিনে নিয়মীয়াকৈ ঘাঁহৰ ওপৰত খালি ভৰিৰে খোজ কাঢ়ে, তেনেহ'লে আপোনাৰ মগজু, হৃদযন্ত্ৰ, যকৃত আৰু বৃক্কৰ দৰে বহুতো মুখ্য অঙ্গ স্বাস্থ্যৱান হৈ থাকে আৰু সঠিকভাৱে কাম কৰে।

শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা

ৰাতিপুৱা খালি ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীও শক্তিশালী হয়। ভৰিৰ তলুৱাৰ কোষবোৰ আমাৰ শৰীৰৰ ভিতৰৰ অঙ্গবোৰৰ স্নায়ুৰ সৈতে সংযোজিত হয়, যাতে সেউজীয়া ঘাঁহৰ ওপৰত খালি ভৰিৰে খোজ কাঢ়িলে আমাৰ শৰীৰ প্ৰত্যক্ষভাৱে প্ৰভাৱিত হয়।

চকুৰ বাবে এক আশীৰ্বাদ

এক গৱেষণা অনুসৰি, সেউজীয়া ঘাঁহত খোজ কঢ়াটো চকুৰ বাবে অতি ভাল। ঘাঁহত খালি ভৰিৰে খোজ কাঢ়িলে ভৰিৰ গোৰোহাৰ ওপৰত আটাইতকৈ বেছি চাপ পৰে। এই গোৰোহাৰ পোনপটীয়া সংযোগ চকুৰ সৈতে সংযোজিত, সেয়েহে খালি ভৰিৰে খোজ কঢ়াটো চকুৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। দৈনিক সেউজীয়া ঘাঁহত খোজ কাঢ়িলে হৃদৰোগৰ বিপদাশংকা হ্ৰাস হয়। ই ৰক্তচাপও নিয়ন্ত্ৰণত ৰাখে।

ডায়েবেটিক ৰোগীৰ বাবেও উপকাৰী

দৈনিক ঘাঁহৰ ওপৰত খালি ভৰিৰে খোজ কাঢ়িলে শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত থাকে, যি ডায়েবেটিচৰ আশংকা হ্ৰাস কৰে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin