Dailyhunt
নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণৰ উপায়...

নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণৰ উপায়...

ডিজিটেল ডেস্কঃ তেজ চলাচলৰ সময়ত আমাৰ শৰীৰৰ ৰক্তবাহী নলীৰ বেৰত সৃষ্টি হোৱা চাপেই ৰক্তচাপ। স্বাভাৱিক ৰক্তচাপৰ বিপৰীতে উচ্চ বা নিম্ন ৰক্তচাপক ৰোগ বুলি ধৰা হয়। আমাৰ শৰীৰৰ ৰক্তচাপ বৃদ্ধি হোৱা অৰ্থাৎ উচ্চ ৰক্তচাপৰ বিষয়ত আটায়ে সচেতন থাকিলেও নিম্ন ৰক্তচাপক লৈ বিশেষ গুৰুত্ব দিয়া দেখা নাযায়। কিন্তু উচ্চ ৰক্তচাপ যেনেকৈ বিপদৰ কাৰণ হ'ব পাৰে তেনেদৰে শৰীৰৰ নিম্ন ৰক্তচাপৰ ফলতো নানান সমস্যাই দেখা দিব পাৰে।

শৰীৰ দুৰ্বল হোৱা, শৰীৰৰ উত্তাপ কমা, মাজে মাজে মূৰ ঘুৰাণী হোৱা আদি নিম্ন ৰক্তচাপৰ লক্ষণ। নিম্ন ৰক্তচাপ বিভিন্ন কাৰণত হ'ব পাৰে। তাৰ ভিতৰত শৰীৰৰ পৰা অত্যধিক পানী ওলাই গৈ সৃষ্টি হোৱা ডিহাইড্ৰেছন, থাইৰয়ড তথা দুঃচিন্তা, আদি অন্যতম।

শৰীৰৰ পৰা অত্যধিক তেজ নিষ্কাশন হ'লে নিম্ন ৰক্তচাপ হ'ব পাৰে। ইয়াৰ উপৰিও পানীলগা, গুৰুতৰ সংক্ৰমণ, পুষ্টিকৰ উপাদানৰ অভাৱ, বিশেষকৈ ভিটামিন বি ১২ৰ অভাৱেও ৰক্তচাপ হ্ৰাস কৰিব পাৰে।

নিম্ন ৰক্তচাপৰ পৰা হাত সাৰিব পৰা কেইটামান উপায় হ'ল:

১. নিম্ন ৰক্তচাপৰ পৰা আঁতৰি থাকিবৰ বাবে প্ৰচুৰ পৰিমাণৰ পানী খোৱাটো প্ৰয়োজন। ইয়াৰোপৰি স্বাস্থ্য উপযোগী ফল-মূলৰ ৰস আৰু ডাবৰ পানী অতি উপযোগী। এইবোৰ উপাদানে ৰক্তচাপ নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰে।

২. শৰীৰত ৰক্তচাপ হঠাৎ কম হ'লে আৰু মূৰত জিন্‌জিননি অনুভৱ কৰিলে একাপ চাহ, বা কফি তথা কেফিন জাতীয় খাদ্য খালে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পৰা যায়। কফি জাতীয় খাদ্যই আমাৰ কাৰ্ডিঅ'ভাস্কুলাৰ প্ৰক্ৰিয়া উজ্জীৱিত কৰে আৰু হৃদযন্ত্ৰৰ কম্পনৰ হাৰ বৃদ্ধি কৰে। ফলত ই ৰক্তচাপ ঘূৰাই অনাত সহায়ক হয়।

৩. নিম্ন ৰক্তচাপৰ পৰা ৰক্ষা পৰিবৰ পাৰে প্ৰতিদিনে ৰাতিপুৱা ৫-৬টাকৈ তুলসীপাত চোবাই খাব লাগে। এনেদৰে তুলসীপাত চোবাই খালে ৰক্তচাপ নিয়ন্ত্ৰণত যথেষ্ট সহায় হয়। তুলসী পাতত উচ্চ পৰিমাণৰ পটাছিয়াম, মেগনেচিয়াম আৰু ভিটামিন 'চি' থাকে আৰু ই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।

৪. নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে অশ্বগন্ধাৰ ব্যৱহাৰ উপকাৰী বুলি গণ্য কৰা হয়। ইয়াত এনে বহু পুষ্টিকৰ উপাদান পোৱা যায়, যিয়ে শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। ইয়াক সেৱন কৰিবলৈ এচামুচ অশ্বগন্ধা গুড়ি খাব লাগে। ইয়াৰ পিছত আধা গিলাচ কুহুমীয়া পানী লৈ তাত এই গুড়ি মিহলাই সেৱন কৰক। এই পাউদাৰ দিনটোত দুবাৰকৈ খালে আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণ হ'ব।

আপুনি জানেনে ভাৰতৰ সৰ্বাধিক প্লেটফৰ্ম থকা ষ্টেচন কোনটো?
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin