Dailyhunt
নিশা আহাৰ গ্ৰহণ কৰিবলৈ লওঁতেই ঘটিল অঘটন

নিশা আহাৰ গ্ৰহণ কৰিবলৈ লওঁতেই ঘটিল অঘটন

ডিজিটেল ডেস্ক: নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ লওঁতেই এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল এজন ৬৩ বছৰীয়া ব্যক্তি। ডাইনিঙত বহি হাঁচি মাৰোতেই ব্যক্তিজনৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই আহে মলাশয়।

প্ৰকৃততে, এই ব্যক্তিজনৰ অলপতে পেটৰ অস্ত্ৰোপচাৰ কৰা হৈছিল।উক্ত দিনা ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ ডাইনিঙত বহোতেই তেওঁৰ হাঁচি আহিছিল।তাৰ পাছত তেওঁ কাহ মাৰিছিল। কাহ-হাঁচি মৰাৰ পাছতে তেওঁ পেটত বিষ অনুভৱ কৰাত চাৰ্টটো ওপৰলৈ তুলি পেটটো চাওঁতে দেখে যে তেওঁৰ মলাশয়(ক'ল'ন)ৰ কেইবা ইঞ্চি অস্ত্ৰোপচাৰ কৰা ঠাইডোখৰৰ পৰা বাহিৰলৈ ওলাই আহিছে। এই অঘটনৰ পাছতো তেওঁৰ সৌভাগ্য এয়ে আছিল যে, তেওঁৰ শৰীৰৰ ৰক্তক্ষৰণ আৰু উন্মুক্ত অঙ্গটো ক্ষতিগ্ৰস্ত হোৱা নাছিল।লগে লগে তেওঁক চিকিৎসালয়লৈ নিয়া হৈছিল আৰু চিকিৎসকে তেওঁৰ শৰীৰত পুনৰ মলাশয় স্থাপন কৰিবলৈ সক্ষম হৈছিল।

এই ব্যক্তিজনক ছয় দিনৰ বাবে চিকিৎসালয়ত ৰখা হৈছিল আৰু তেওঁ একো জটিলতা নোহোৱাকৈ আৰোগ্য হৈছিল। তেওঁ প্ৰষ্টেটৰ কৰ্কট ৰোগত আক্ৰান্ত আৰু তেওঁৰ আটাইতকৈ শেহতীয়া অস্ত্ৰোপচাৰৰ উদ্দেশ্য আছিল মূত্ৰাশয় আঁতৰোৱা তথা পূৰ্বৱৰ্তী প্ৰক্ৰিয়াবোৰৰ জটিলতাবোৰ সমাধান কৰা। উল্লেখ্য যে, এই ঘটনাটো আমেৰিকাত সংঘটিত হৈছে।

সুশান্তৰ ধুনীয়া ঘৰটোত আছে ইতিবাচক শক্তি
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin