Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
ন'ৰাৰ মন জয় কৰা কোন এইগৰাকী তাৰকা ফুটবলাৰ ?

ন'ৰাৰ মন জয় কৰা কোন এইগৰাকী তাৰকা ফুটবলাৰ ?

ডিজিটেল ডেস্ক: বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী আৰু নৃত্যশিল্পী ন'ৰা ফাতেহী পুনৰবাৰ নিজৰ ব্যক্তিগত জীৱনৰ বাবে চৰ্চালৈ আহিছে। হয়, এইবাৰ তেওঁ চৰ্চালৈ অহাৰ কাৰণ হৈছে এগৰাকী কোটিপতি আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰৰ সৈতে গঢ় লৈ উঠা তেওঁৰ সম্পৰ্ক। যদিও এতিয়ালৈকে ন'ৰাই নিজে কোনো সম্পৰ্ক আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই, তথাপি সাম্প্ৰতিক কিছু ঘটনাই অনুৰাগীৰ মাজত ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে।

ন'ৰা ফাতেহীয়ে শেহতীয়াকৈ আফ্ৰিকান কাপ অৱ নেচনছ (AFCON 2025)ৰ সময়ত মৰক্কোত উপস্থিত আছিল। তাত তেওঁক এজন ৰহস্যময় পুৰুষৰ সৈতে একাধিকবাৰ দেখা গৈছিল। তদুপৰি, ডুবাইতো একেজন ব্যক্তিৰ সৈতেই ন'ৰাক দেখা পোৱা গৈছে।

এই ঘটনাসমূহৰ পিছতেই ধাৰণা কৰা হৈছে যে ন'ৰাই এইগৰাকী কোটিপতি আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰৰ সৈতে ডেটিং কৰি আছে, যি মৰক্কোৰ নাগৰিক।

যদিও এই ফুটবলাৰজনৰ পৰিচয় এতিয়াও ৰাজহুৱা হোৱা নাই, তথাপি এই উৰাবাতৰিয়ে সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে। উল্লেখ্য যে, ন'ৰাৰ সৈতে ফুটবল জগতৰ সম্পৰ্ক নতুন নহয়। ২০২২ৰ ফিফা বিশ্বকাপত তেওঁ 'Light The Sky' নামৰ আনুষ্ঠানিক গীতটো পৰিবেশন কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিশেষ প্ৰশংসা লাভ কৰিছিল। সেই সময়তেই তেওঁ বিশ্ব ক্ৰীড়া জগতৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

এই সকলো জল্পনা-কল্পনাৰ মাজতে ২০২৬ চনত ন'ৰা ফাতেহীৰ বিয়া হ’ব বুলি কিছু মহলত চৰ্চা চলিছে। অৱশ্যে এই সন্দৰ্ভতো ন'ৰা বা তেওঁৰ ঘনিষ্ঠ সূত্ৰই বৰ্তমানেও একো স্পষ্ট কৰা নাই।

আন কোন চেলেব্ৰেটীৰ সৈতে নাম সাঙোৰ খাইছে ন'ৰাৰ ?

ন'ৰাৰ নাম আগতেও কেইবাজনো জনপ্ৰিয় ব্যক্তিৰ সৈতে সংযোগ কৰা হৈছিল। সেইসকলৰ ভিতৰত ৰাজকুমাৰ নাৰুলা, অংগদ বেদী, টেৰেন্স লুইছ, আমেৰিকাৰ গায়ক বেনছন বুন অন্যতম।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin