ডিজিটেল ডেস্কঃ চেম্পিয়নছ ট্ৰফী-২০২৫ৰ ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচখনৰ সাক্ষী হল বিশ্বৰ কোটি কোটি ক্ৰীড়ানুৰাগী। বিৰাট কোহলীৰ দুৰ্দান্ত বেটিঙৰ লগতে টীম ইণ্ডিয়াৰ বেট-বলৰ পৰাক্ৰমত ধৰাশায়ী হ'ল পাকিস্তান।
ভাৰত-পাকিস্তানৰ এই খেলখনৰ ভিন্ন আকৰ্ষণীয় দিশৰ লগতে এই মেচখনত বিশেষ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হল এটা ঘড়ী। এই ঘড়ীটো আছিল হাৰ্দিক পাণ্ডিয়াৰ হাতত। বিলাসী তথা দামী বস্তুৰ প্ৰতি ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ আকৰ্ষণ আগৰে পৰাই আছিল। কিন্তু এইবাৰ হাৰ্দিকৰ হাতত থকা এই ঘড়ীটো দেখি সকলো ক্ৰীড়ানুৰাগী অবাক হ'ল।
হাৰ্দিকৰ হাতত থকা এই ঘড়ীটো ৰিছৰ্ড মিলৰ RM27-02 CA FQ মডেলৰ। দেশৰ নামী-দামী খেলুৱৈ সকলে পিন্ধে এই বেণ্ডৰ ঘড়ী।
উল্লেখ কৰা প্ৰয়োজন যে, ঘড়ীটোক লৈ চৰ্চা হলেও পাকিস্তানৰ বিৰুদ্ধে খেলা মেচখনত সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল হাৰ্দিক পাণ্ডিয়াই। ৮অভাৰ বলিং কৰি ৩১ৰাণৰ বিনিময়ত ২টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰিছিল হাৰ্দিকে। অৱশ্যে খেল খন শেষ হোৱাৰ পাছত এতিয়া বিশেষভাৱে চৰ্চালৈ আহিছে হাৰ্দিকৰ ৭কোটি টকীয়া ঘড়ীটো।

