ডিজিটেল ডেস্কঃ ধুৰন্ধৰে বক্স অফিচত সৃষ্টি কৰিছে খলকনি। সামাজিক মাধ্যমত বহুতে এই ছৱিখন চাই নিজ নিজ মতামত আগবঢ়াইছে। কোনোৱে যদি অভিনয় ভাল পাইছে আন কোনোৱে প্ৰসংশাত পঞ্চমুখ কৰি তুলিছে চলচ্চিত্ৰ নিৰ্মাতা আদিত্য ধৰক।
উৰি দ্য চাৰ্জিকেল ষ্ট্ৰাইকৰ পাছত তেওঁৰ ছবি 'ধুৰন্ধৰ'এ ছবিগৃহত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিছে । ইতিমধ্যে মুক্তিৰ পাছতে এই ছবি চাবলৈ অনুৰাগীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। দিল্লী আৰু মুম্বাইত ছবিখনৰ সৰ্বাধিক শ্ব'হাউচফুল দেখা গৈছে।
বিশেষকৈ পাকিস্তানতো এই ছৱিখন চাই সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া শ্বেয়াৰ কৰিছে। বহুতে লিখিছে যে, এই ছৱিখন সকলোৱে এবাৰ চোৱাতো প্ৰয়োজন। সকলোৱে চৰিত্ৰসমূহ সুন্দৰকৈ কৰিছে।
এনেদৰেই সামাজিক মাধ্যমত বহুতে এই ছৱিখন চাই প্ৰসংশা কৰিছে।

