Dailyhunt
পশ্চিমবংগৰ ফিল্ম ফেষ্টিভেলত উজলিল চিন্ময় বাৰ্মাৰ 'খিৰিকী'

পশ্চিমবংগৰ ফিল্ম ফেষ্টিভেলত উজলিল চিন্ময় বাৰ্মাৰ 'খিৰিকী'

ডিজিটেল ডেস্ক : ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক সুখবৰ। ৰাজ্যৰ বাহিৰত অনুষ্ঠিত ফিল্ম ফেষ্টিভেলত পুনৰ উজলি উঠিছে অসমৰ চুটি ছবি।

চুবুৰীয়া ৰাজ্য পশ্চিমবংগত অনুষ্ঠিত হোৱা 'পশ্চিমবংগ চুটি ছবি মহোৎসৱ ২০২৫'ত জিলিকিবলৈ সক্ষম হৈছে প্ৰতিশ্ৰুতিসম্পন্ন ছবি নিৰ্মাতা চিন্ময় বাৰ্মাৰ 'খিৰিকী' নামৰ চুটি ছবিখন। এই ছবিখনৰ বাবে চিন্ময় বাৰ্মাই লাভ কৰিছে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা।

খিৰিকী ছবিৰ এটি দৃশ্য

স্বাভাৱিকতে এই খবৰে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ লগতে ৰাজ্যবাসীক আনন্দিত কৰিছে। উল্লেখযোগ্য যে, পৰিচালক বাৰ্মাই ইয়াৰ আগেয়েও ৰাজ্যৰ বাহিৰৰ লগতে বিদেশতো সন্মান বুটলিবলৈ সক্ষম হৈছে।

খিৰিকী হৈছে তেওঁৰ নৱতম ছবি। ইয়াৰ পূৰ্বে তেওঁ ঘোঁৰাপাক আদি ছবিৰে সন্মান বুটলিবলৈ সক্ষম হৈছিল।

পৰিচালক বাৰ্মাই মূলতঃ অসমীয়া লোক কথা আৰু লোক সাহিত্যৰ আধাৰত নিৰ্মাণ কৰি আহিছে চুটি ছবিসমূহ। অসমীয়া লোকসাহিত্যক দেশৰ প্ৰেক্ষাপটত তুলি ধৰাৰ এয়া এক ক্ষুদ্ৰ প্ৰয়াস বুলি পৰিচালকগৰাকীয়ে জানিবলৈ দিয়ে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin