Dailyhunt

পাৰ্লাৰলৈ নোযোৱাকৈ এইদৰে ঘৰতে লওঁক নখৰ যতন

ডিজিটেল ডেস্ক: বলীউড-হলীউডৰ অভিনেত্ৰীসকলৰ নখবোৰ ইমানেই ধুনীয়া যে চাই থাকিলেও হেঁপাহ নপলায়।তেওঁলোকৰ দৰে নখৰ গৰাকী হ'বলৈ মন নিশ্চিতভাৱে সকলোৰে যায়। তাৰ পাছত আমাৰ ভাৱ হয় যে সৌন্দৰ্যচৰ্চাৰ নামত ব্যয় কৰিবলৈ হয়তো আমাৰ ধনৰ অভাৱ। কিন্তু আপুনি জানি আচৰিত হ'ব যে কেতবোৰ ঘৰুৱা উপায় অৱলম্বন কৰিয়েই আমি আমাৰ নখ চেলিব্ৰেটীৰ দৰে ধুনীয়া কৰিব পাৰো।নখ ধুনীয়া কৰি ৰাখিবলৈ নখৰ কিদৰে যত্ন ল'ব লাগে, আজি জানো আহক-

গোলাপ জল

মুখৰ লগতে নখৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈও গোলাপ জল ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে আপুনি কপাহ এটুকুৰাত অকনমান গোলাপ জল লৈ লাহে লাহে নখত ঘঁহি থাকিব।গোলাপ জল আপুনি দৈনিক নখত প্ৰয়োগ কৰিব পাৰে।

বাদাম তেল

নখৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ নখত বাদাম তেল বা সৰিয়হৰ তেল প্ৰয়োগ কৰি ২-৩ মিনিটৰ বাবে মালিচ কৰিব। যদি আপুনি দিনে ২ বাৰকৈ এনে কৰে, তেন্তে অতি সোনকালেই পাৰ্থক্য দেখিবলৈ পাব।

পেট্ৰ'লিয়াম জেলী

পেট্ৰ'লিয়াম জেলীয়েও নখ উজ্জ্বল কৰি তোলাত এটা গুৰুতৰ ভূমিকা পালন কৰে। ই নখৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে কিউটিকলবোৰক পুষ্টি প্ৰদান কৰে।মুঠতে নখৰ সামগ্ৰিক সৌন্দৰ্য বৃদ্ধি কৰাত পেট্ৰ'লিয়াম জেলীৰ ভূমিকা অপৰীসীম ।

নেমুৰ বাকলি

নেমু হৈছে নখৰ সৌন্দৰ্য বঢ়োৱাৰ এক পৰম্পৰাগত প্ৰতিকাৰ। নখত নেমু ঘঁহিলে নখৰ উজ্জ্বলতা আৰু স্বাস্থ্য দুয়োটাই উন্নত হয়। আপুনি দিনত এবাৰকৈ ৫ ৰ পৰা ১০ মিনিটৰ বাবে আপোনাৰ নখত নেমুৰ বাকলি ঘঁহিব। নেমুটো কাটি চেপি লোৱাৰ পাছত যেতিয়া বাকলিত অতি পাতল নেমুৰ ৰস বাকী থাকে, সেইখিনি নখত ঘঁহি থাকিব।

টুথপেষ্ট

টুথপেষ্টেও নখৰ উজ্জ্বলতা বৃদ্ধি কৰে।ইয়াৰ বাবে আপুনি নখত টুথপেষ্ট লগাই ব্ৰাছৰে ঘঁহি ঘঁহি ধুব। ইয়াৰ পিছত নখত পেট্ৰ'লিয়াম জেলী বা তেল প্ৰয়োগ কৰিব।এনে কৰিলে খুব কম দিনৰ ভিতৰতে আপোনাৰ নখ চালে চকু ৰোৱা হৈ উঠিব।

বাফাৰ

বাফাৰে নখ ভালদৰে পৰিস্কাৰ কৰি তাৰ পাছত দুটোপাল তেলৰে মালিচ কৰিও আপুনি নখৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে।

আনহাতে, কেলচিয়াম আৰু হিমোগ্লোবিনে নখৰ সৌন্দৰ্য আৰু উজ্জ্বলতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগায়। সেয়েহে এইসমূহ যত্নৰ লগতে সঠিক আহাৰ গ্ৰহণটো সদায় গুৰুত্ব দিব।

নখৰ ৰং চায়েই গম পাওঁক স্বাস্থ্যৰ স্থিতি
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin