Dailyhunt

ফটা ওঁঠ মসৃণ কৰাৰ ঘৰুৱা উপায়সমূহ জানি লওঁক

ডিজিটেল ডেস্ক: মুখমণ্ডলৰ সৌন্দৰ্য বৃদ্ধি কৰাত ওঁঠে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।কিন্তু বহুতেই নিজৰ ওঁঠজুৰিৰ যত্ন নলয়।যাৰ ফলত ওঁঠ ফাটিবলৈ আৰম্ভ কৰে।ফটা ওঁঠে মুখৰ সৌন্দৰ্য বহু পৰিমানে হ্ৰাস কৰে।ওঁঠ ফটাৰ ফলত বিষ হোৱাৰ লগতে কেতিয়াবা তেজ ওলাবলৈও আৰম্ভ কৰে। পৰিৱৰ্তনশীল বতৰত এই সমস্যা হোৱাটো একেবাৰে স্বাভাৱিক। কিছুমান ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি আপুনি ওঁঠ ফটা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।আজি এই বিষয়ে জানো আহক-

হালধি

যদি আপোনাৰ ওঁঠ ফাটি তাৰ পৰা তেজ ওলাই আছে, তেনেহ'লে আপুনি হালধি ব্যৱহাৰ কৰিব পাৰে। আধা চামুচ হালধিত ১/৪ চাহ চামুচ গাখীৰ দি এটা মিশ্ৰণ তৈয়াৰ কৰি ওঁঠ দুটা মালিচ কৰিব। শুবলৈ যোৱাৰ আগতে প্ৰতি নিশা এনে কৰিলে আপুনি অতি সোনকালে এই সমস্যাৰ পৰা সকাহ পাব।

গাখীৰৰ সৰ

ওঁঠ ফটা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি গাখীৰৰ সৰ ব্যৱহাৰ কৰিব পাৰে।দৈনিক শোৱাৰ আগতে ওঁঠত সৰ লগাই ২ মিনিটৰ বাবে মালিচ কৰিব।এনে কৰাৰ ফলত ওঁঠ ফটা সমস্যা দূৰ হোৱাৰ লগতে আপোনাৰ ওঁঠজুৰি কোমল হৈ পৰিব।

নাৰিকল তেল

নাৰিকল তেলত থকা পুষ্টিয়ে ফটা ওঁঠৰ সমস্যাৰ খুব সোনকালে সমাধান দিয়ে। সেয়েহে আপুনি দৈনিক নাৰিকল তেলৰ সৈতে ২-৩ বাৰ ওঁঠজুৰি মালিচ কৰিব। ই ওঁঠৰ ছাল কোমল কৰাৰ লগতে বিষৰ পৰাও সকাহ দিব।

বাদাম তেল

শোৱাৰ আগতে প্ৰতি নিশা ওঁঠত বাদাম তেল লগাই ৫ মিনিট সময় মালিচ কৰিব। ই ওঁঠ কোমল কৰাৰ লগতে ওঁঠৰ ৰঙো গুলপীয়া কৰিব।

মৌ-চেনীৰ মিশ্ৰণ

আধা চামুচ চেনীত ২ টোপাল মৌ মিহলাই ওঁঠত স্ক্ৰাব কৰিব। ই ওঁঠৰ মৃত ছাল আঁতৰ কৰাৰ লগতে ওঁঠ কোমল কৰে আৰু ওঁঠ ফটা সমস্যাও দূৰ কৰে।

মৌ

মৌ হৈছে প্ৰাকৃতিক ময়েশ্চাৰাইজাৰ। ইয়াক ওঁঠত ব্যৱহাৰ কৰিলে ওঁঠ কোমল হয়। যদি ওঁঠ ফটাৰ ফলত তেজ ওলোৱা আৰম্ভ কৰে, তেতিয়া মৌ প্ৰয়োগ কৰিলে অতি সোনকালেই এই অসুবিধা দূৰ হয়।

এই ৫টা উপায়ৰে ঘৰতে উজ্জ্বল কৰক ৰুক্ষ ছাল
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin