Dailyhunt
পিতৃৰ বন্ধু বুলি পৰিচয় দি ছাত্ৰীক অপহৰণৰ চেষ্টা...

পিতৃৰ বন্ধু বুলি পৰিচয় দি ছাত্ৰীক অপহৰণৰ চেষ্টা...

ডিজিটেল সংবাদ,মঙলদৈঃ মঙলদৈ ডনবস্কো স্কুলত ছাত্ৰী অপহৰণৰ এক ব্যৰ্থ চেষ্টাৰ ঘটনা পোহৰলৈ আহিছে। মুখত মাস্ক লগাই বাইকত অহা দুস্কৃতিকাৰীয়ে বৃহস্পতিবাৰে পঞ্চম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰিবলৈ চেষ্টা কৰিছিল। ছাত্ৰী গৰাকীৰ উপস্থিত বুদ্ধিয়ে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

ঘটনা অনুসৰি বৃহস্পতিবাৰে, স্কুল চুটি হোৱাৰ সময়ত দুজন বাইকত অহা দুস্কৃতিকাৰীয়ে মুখত মাস্ক লগাই ছাত্ৰী গৰাকীক পিতৃৰ বন্ধু বুলি নিজকে চিনাকী দি বাইকত উঠাই নিয়াৰ চেষ্টা কৰিছিল, কিন্তু ছাত্ৰী গৰাকীয়ে নিজৰ উপস্থিত বুদ্ধিৰে ভানৰ চালকক দৌৰি গৈ অৱগত কৰে।

ততাতৈয়াকৈ চালক জনে গাড়ীৰ পৰা ওলাই গৈ ছাত্ৰী গৰাকীক ৰক্ষা কৰিবলৈ সক্ষম হয়। পিছলৈ চালক জনে ঘটনা সন্দৰ্ভত স্কুল কৰ্তৃপক্ষক অৱগত কৰাত কৰ্তৃপক্ষই আৰক্ষীক জনায়।

এই ঘটনাক লৈ স্কুলৰ অভিভাৱকৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin