Dailyhunt

'প্ৰেমৰ নামতে ক্ৰমান্বয়ে শেষ হ'বলৈ ধৰিছে পৃথিৱী '

ডিজিটেল ডেস্ক: প্ৰেমৰ সৈতে বয়সৰ কোনো সম্পৰ্ক নাই।সেয়ে হয়তো ৭০ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ২০ বছৰীয়া যুৱতী।হয়, অন্ধ প্ৰেমে যে একোৰে সীমা নামানে সেয়া শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'য়ে পুনৰ বাৰ প্ৰমাণ কৰিলে।

এই ভাইৰেল ভিডিঅ'টোত দেখা গৈছে যে, দৰা আৰু কইনাই দুয়োয়ে দুয়োজনক বৰ মালা পিন্ধাই আছে।বিয়াঘৰতো অসংখ্য লোক। 'বাটাৰফ্লাই মাহী' নামৰ এটা ইনষ্টাগ্ৰাম পেজত এই ভিডিঅ'টো আপলোড কৰা হৈছে।য'ত দৰা-কইনাৰ বয়সো উল্লেখ কৰা হৈছে।

ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে বিভিন্নজনে ছ'চিয়েল মেডিয়াতে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লেখিছে, ' প্ৰেমৰ নামতে পৃথিৱীখন শেষ হ'বলৈ ধৰিছে।' আন এজনে লেখিছে, 'হে ঈশ্বৰ, এইবোৰ দেখাৰ পিছত তুমি পৃথিৱীলৈ নামি আহা।' বহুতেই আকৌ প্ৰেমত সকলো সম্ভৱ বুলিও মন্তব্য কৰিছে।

গৰ্ভধাৰণৰ সময়তো একশ্যনধৰ্মী ছবিৰ শ্বুটিঙত ব্যস্ত দীপিকা পাডুকন
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin