Dailyhunt
পৰিৱৰ্তনশীল বতৰত এইদৰে লওঁক মুখৰ যতন

পৰিৱৰ্তনশীল বতৰত এইদৰে লওঁক মুখৰ যতন

ডিজিটেল ডেস্ক: বতৰ সলনি হোৱাৰ প্ৰভাৱ আমাৰ ছলতো পৰে। যাৰ বাবে বতৰ সলনিৰ লগে লগে আমি ছালৰ যত্নৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত। বতৰ সলনি হোৱাৰ ফলত ছাল শুকান, দাগ আদিৰ লগে ছালখন সংবেদনশীল হৈ পৰে। এনে ক্ষেত্ৰত মুখমণ্ডল পৰিস্কাৰ কৰা তথা মুখৰ বিশেষ যত্ন লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে। এই সময়ছোৱাত প্ৰাকৃতিকভাৱে তৈয়াৰী ফেচ মাস্ক প্ৰয়োগ কৰি আপুনি কিদৰে মুখৰ ছাল মুকুতাৰ দৰে উজ্জ্বলই তুলিব পাৰে, জানো আহক-

প্ৰথমতে, আপোনাৰ মুখখন ভালদৰে ধুব। আপোনাৰ ছালৰ পৰা লেতেৰা আৰু তেল আঁতৰাবলৈ ফেচ ৱাছ ব্যৱহাৰ কৰিব।পৰিস্কাৰ পানীৰে ভালদৰে ধুই মুখখন শুকুৱাই ল'ব। ইয়াৰ পিছত তলত উল্লেখ কৰা বিশেষ ফেচ মাস্কটো ব্যৱহাৰ কৰিব।

এই ফেচ মাস্ক প্ৰস্তুতৰ বাবে দৰকাৰী উপাদানসমূহ

মুলতানি মাটি - ১ চামুচ

গোলাপ ফুলৰ গুৰি - ১ চামুচ

হালধি গুৰি - আধা চামুচ

গাখীৰ - ১ চামুচ

গোলাপ জল - ১চামুচ

এই সকলোবোৰ উপাদান এটা বাটিত ভালদৰে মিহলি কৰি মুখত প্ৰয়োগ কৰিব আৰু ১৫ মিনিটৰ পিছত পানীৰে ধুই পেলাব। এই ফেচ মাস্কৰ নিয়মীয়া ব্যৱহাৰে আপোনাৰ ছালক এক সতেজ উজ্জ্বলতা প্ৰদান কৰিব। ইয়াৰ পাছত মুখত মৌ লগাব। মুখৰ মালিচৰ বাবে মৌ সৰ্বশ্ৰেষ্ঠ। মৌত ব্লিচিং গুণাগুণ থাকে, যিয়ে ছালখন আৰ্দ্ৰ কৰে। ইয়াৰ বাবে আপোনাৰ হাতত অকনমান মৌ লৈ ৫ মিনিটৰ বাবে মুখখন পাতলকৈ মালিচ কৰিব। তাৰ পিছত মুখখন ভালদৰে ধুব। ই ছালখন হাইড্ৰেট কৰিব আৰু আপোনাৰ মুখখন উজ্জ্বল কৰি তুলিব।

মুখ ধোৱাৰ পিছত গোলাপ জল প্ৰাকৃতিক ট’নাৰ হিচাপে ব্যৱহাৰ কৰিব। ই ছাল সতেজ আৰু উজ্জ্বল কৰিব। অৱশেষত আপোনাৰ ছালক ভাল ময়েশ্চাৰাইজাৰেৰে পাতলকৈ ময়েশ্চাৰাইজ কৰিব। ই মুখখন কোমল আৰু উজ্জ্বল কৰি তুলিব। যদি আপোনাৰ কোনো নিৰ্দিষ্ট ময়েশ্চাৰাইজাৰ নাই, আপুনি ঘিউৰে আপোনাৰ মুখখন মালিচ কৰিব পাৰে। সপ্তাহত এবাৰ এই পাৰ্ল হোৱাইট গ্ল' ক্লিনআপ কৰিলে আপোনাৰ মুখখন পৰিস্কাৰ হোৱাৰ লগতে মুকুতাৰ দৰে উজলি উঠিব।

Also Read: ছালৰ যত্নত কিদৰে পনীৰ ব্যৱহাৰ কৰিব, জানি লওক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin