Dailyhunt

প্ৰ'টিন পাউডাৰ খোৱাৰ সঠিক নিয়মৰ বিষয়ে আপুনি জানেনে ?

ডিজিটেল ডেস্ক: বৰ্তমান প্ৰজন্মৰ যুৱচাম আৰু জিমলৈ যোৱা লোকসকলে প্ৰ'টিন পাউডাৰক তেওঁলোকৰ খাদ্য তালিকাৰ অন্যতম অংশ কৰি লৈছে।প্ৰ'টিন পাউদাৰে আমাৰ শৰীৰত প্ৰ'টিনৰ অভাৱ পূৰণ কৰাত সহায় কৰে। কিন্তু ইয়াক অত্যাধিক ব্যৱহাৰ কৰি জীৱন হেৰুৱালে এগৰাকী ১৬বছৰীয়া কিশোৰে।

এই ঘটনাৰ ভুক্তভোগী আছিল ৰোহন গোধনিয়া। প্ৰ'টিন শ্বেক পান কৰাৰ তিনিদিন পিছত ৰোহন অসুস্থ হৈ পৰিছিল আৰু তাৰ পিছত তেওঁৰ মগজু ক্ষতিগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাৱটি লৈছিল। ৰোহন খুব ক্ষীণ বাবে পিতৃয়ে তেওঁক পেশী শক্তিশালী আৰু গঠনৰ বাবে এটা প্ৰ'টিন শ্বেক ক্ৰয় কৰিছিল।এই শ্বেক খোৱাৰ তিনি দিনৰ পিছত মগজুৰ ক্ষতি হোৱাৰ ফলত ৰোহনৰ মৃত্যু হয়।

প্ৰকৃততে ৰোহনৰ কি হৈছিল ?

ৰোহনৰ চিকিত্‍সা প্ৰতিবেদনৰ আধাৰত এইটো বিশ্বাস কৰা হৈছিল যে শৰীৰত প্ৰ'টিনৰ পৰিমান বেছি হোৱাৰ বাবে অৰ্নিথিন ট্ৰেন্সকাৰ্বামাইলেজ নামৰ এক বিৰল আনুবংশিক ৰোগ বিকশিত হৈছিল। বিশেষজ্ঞসকলৰ মতে, প্ৰ'টিন শ্বেক হজম কৰাৰ পিছত শৰীৰত বহু প্ৰকাৰৰ আৱৰ্জনা সদৃশ সামগ্ৰীৰ সৃষ্টি হয়। ৰোহনৰ মৃত্যুৰ পিছত তেওঁৰ অংগবোৰ পৰিয়ালে দান কৰিছিল। তেওঁৰ দান কৰা যকৃতত অৰ্নিথিন ট্ৰেন্সকাৰ্বামাইলেজ (ওটিচি)ৰ অভাৱ পোৱা গৈছিল।উল্লেখ্য যে, এই ঘটনাটো ২০২০ চনত ইউকেৰ এক প্ৰতিবেদনত প্ৰকাশ হৈছিল।

সকলোয়ে বিশেষ সাৱধানতা অৱলম্বন কৰিব

এই আনুবংশিক বিকাৰত এমোনিয়াৰ স্তৰ নিয়ন্ত্ৰণ কৰা এনজাইম শৰীৰত নাথাকে। যাৰ ফলত তেজৰ পৰা অতিৰিক্ত এমোনিয়া মুকলি হোৱা বন্ধ হয়।যাৰ বাবে প্ৰ'টিন শ্বেক প্ৰস্তুত কৰা কোম্পানীক বটলসমূহত স্বাস্থ্য সতৰ্কবাণী অন্তৰ্ভুক্ত কৰিবলৈ নিদেৰ্শ দিয়া হৈছে। এই ক্ষেত্ৰত সকলো ফিটনেছ ফ্ৰিককো বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

অত্যাধিক প্ৰ'টিন খোৱাৰ অসুবিধা

১) অত্যাধিক প্ৰ'টিন পাউডাৰ গ্ৰহনে ইনচুলিনৰ স্তৰ বৃদ্ধি কৰে, যি স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে।

২)উচ্চ পৰিমাণৰ প্ৰ'টিন পাউডাৰ গ্ৰহণ কৰিলে বৃক্কৰ ৰোগৰ আশংকা বৃদ্ধি হয়।

৩) অত্যাধিক প্ৰ'টিন খালে কৰিলে ডিঙি ফুলা, পেটৰ বিষ, ডায়েৰিয়া, ক্ৰেম্প, ছাল জ্বলা, বুকু টান হোৱা আৰু শ্বাসকষ্ট হ'ব পাৰে।

৪) যদি আপুনি প্ৰয়োজনতকৈ অধিক প্ৰ'টিন পাউডাৰ গ্ৰহণ কৰে, ই আপোনাৰ তেজত এচিডৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে।

৫) অত্যাধিক প্ৰ'টিন পাউডাৰ সেৱনে কেৱল স্বাস্থ্যৰ ক্ষতি নকৰে, ছালৰো ক্ষতি কৰে।

প্ৰ'টিন পাউডাৰ খোৱাৰ সঠিক নিয়ম

১) যদি আপুনি আপোনাৰ আহাৰত ছ'য়াবিন, মচুৰ দাইল, কণী বা মাংসৰ দৰে প্ৰ'টিনৰ উত্‍স অন্তৰ্ভুক্ত কৰিছে, তেনেহ'লে আপুনি দিনে মাত্ৰ ১ ৰ পৰা ২ স্কুপ প্ৰ'টিন পাউডাৰ গ্ৰহণ কৰিব লাগে।

২) অধ্যয়নে দেখুৱাইছে যে দিনে ২ বা ৩ চাহ চামুচতকৈ অধিক প্ৰ'টিন পাউডাৰ সেৱনে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

৩) পানী বা গাখীৰৰ সৈতে প্ৰ'টিন পাউডাৰ গ্ৰহণ কৰোতে মনত ৰাখিব যে পানী বা গাখীৰখিনি কোঠাৰ উষ্ণতাত থকা হয়।

৪) ৰাতিপুৱাহে ইয়াক খোৱাটো বহুত ভাল বুলি গণ্য কৰা হয়। ই আপোনাৰ শৰীৰক দীঘলীয়া সময়ৰ বাবে শক্তি দিয়ে।

আজিয়েই সলনি কৰক সন্তানৰ খাদ্য তালিকা
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin