Dailyhunt
প্ৰয়াত বেণী মাধৱ দাসৰ সন্তান ৰিডম দাসৰ সফলতা...

প্ৰয়াত বেণী মাধৱ দাসৰ সন্তান ৰিডম দাসৰ সফলতা...

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নৰ্থ ইষ্টাৰ্ণ হিলছ ইউনিভাৰ্ছিটি চমুকৈ NEHUৰ সদ্য ঘোষিত স্নাতকোত্তৰ পৰীক্ষাৰ ফলাফলত উজ্বলিল প্ৰয়াত বেণী মাধৱ দাসৰ সন্তান ৰিডম দাস। বিশ্ববিদ্যালয়খনৰ দৰ্শন বিভাগৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁ প্ৰথমস্থান লাভ কৰিবলৈ সক্ষম হৈছে।

ৰিডম দাস প্ৰয়াত সম্পাদক, প্ৰকাশক বেণী মাধৱ দাস আৰু চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যাপক স্বপ্নালী বৰাৰ পুত্ৰ। অসম জাতীয় বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত ৰিডম দাসে গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।

পৰৱৰ্তী সময়ত তেওঁ মেঘালয়স্থিত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম মুখ্য উচ্চ শিক্ষানুষ্ঠান নৰ্থ ইষ্টাৰ্ণ হিলছ ইউনিভাৰ্ছিটিত দৰ্শন বিভাগত অধ্যয়ন কৰে।

আৰু তাৰ পৰাই তেওঁ প্ৰথম স্থান লাভেৰে সুখ্যাতিৰে স্নাতকোত্তৰ মহলা উত্তীৰ্ণ হৈছে। তেওঁৰ এই সফলতাৰ বাবে বিশ্ববিদ্যালয়খনৰ পৰৱৰ্তী সমাবৰ্তনত সোণৰ পদক লাভ কৰিব।

উল্লেখ্য যে, এসময়ত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাও জড়িত হৈ পৰা অধুনালুপ্ত আলোচনী 'শিল্পীৰ পৃথিৱী'ৰ সম্পাদক আৰু প্ৰকাশক আছিল প্ৰয়াত বেণী মাধৱ দাস। তাৰোপৰি তেওঁ আছিল 'আমাৰ অসম' সপ্তাহিক আলোচনী পূৰ্বাচলৰো সম্পাদক। সেইগৰাকী বেণী মাধৱ দাসৰে সন্তান ৰিডমৰ এই সফলতাত উৎফুল্লিত অসম জাতীয় বিদ্যালয়ৰো পৰিয়াল।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin