Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
Rongali Bihu 2026: অসমীয়াৰ সাত বিহু

Rongali Bihu 2026: অসমীয়াৰ সাত বিহু

ডিজিটেল ডেস্ক: বিহু অসমীয়াৰ জাতীয় উৎসৱ। বিহু অসমীয়াৰ চিনাকি, বিহু অসমীয়াৰ প্ৰাণ। বিহু প্ৰধানত তিনি প্ৰকাৰৰ। ব'হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু। এই তিনিটা বিহুৰ ভিতৰত ব'হাগ বা ৰঙালী বিহুৱেই প্ৰধান। ব'হাগ বিহু সাধাৰণতে চ'তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব'হাগৰ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয়। প্ৰত্যেক দিনৰে সুকীয়াকৈ নামকৰণ কৰা হৈছে। সেয়া হ'ল- গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু,জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু। এই সাতটা বিহুকে অসমীয়াৰ সাত বিহু বুলি জনা যায়।

গৰু বিহু

চ'তৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ বিহুৰ প্ৰথম দিনটোতে গৰু বিহু পালন কৰা হয়। সৰ্বজনবিদিত যে, অসমীয়া সমাজত গৰুক 'গো-লক্ষ্মী' বুলি জ্ঞান কৰা হয়।

সেয়ে গৰু বিহু দিনা ৰাতিপুৱা গৰুক মাহ-হালধীৰে নোঁৱাই সমীপৰ নৈ-পুখুৰী অথবা বিললৈ নি গা ধুৱাই লাউ, বেঙেনা, হালধী, থেকেৰা, কেৰেলা আদিৰে তৈয়াৰ কৰা ‘চাট’ ‘লাও খা বেঙেনা খা, বছৰে বছৰে বাঢি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু’ বুলি গালৈ দলিয়াই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়। সন্ধিয়া ঘৰলৈ ঘূৰি অহাৰ পাছত মাখিয়তী পাতৰে ‘মাখিয়তী মাখিপাত মাখি মাৰো জাক-জাক’ বুলি গাই গৰুক বিছি দিয়া হয় আৰু পিঠা-পনা খাবলৈ দি নতুন পঘাৰে বন্ধা হয়।

মানুহ বিহু

গৰু বিহুৰ পাছদিনা অৰ্থাৎ পহিলা ব'হাগৰ দিনা মানুহৰ বিহু পালন কৰা হয়। মানুহৰ বিহুত ৰাতিপুৱাই সকলোৱে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰি আৰ্শীবাদ লয়। মানুহ বিহুৰ দিনা সকলোৱে নতুন কাপোৰ পিন্ধি ইজনে-সিজনক বিহুৱান উপহাৰ দিয়ে।

গোঁসাই বিহু

ৰঙালী বিহুৰ তৃতীয় দিনা গোঁসাই বিহু পালন কৰা হয়। সেইদিনা ভগৱানক স্তুতি কৰি বছৰটোৰ বাবে সকলোৰে মংগল কামনা কৰা হয়।

তাঁতৰ বিহু

অসমীয়া জাতিৰ জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল। অসমীয়া শিপীনীয়ে হেনো তাঁত শালতে সপোন ৰচে। দৈনন্দিন জীৱনত ব্যৱহৃত সাজ-পাৰসমূহ শিপীনীসকলে ঘৰতে তৈয়াৰ কৰি লয়। এই তাঁতশালখনক মৰ্যদা প্ৰদানৰেই এই দিনটোত অসমীয়াসকলে তাঁতৰ বিহু হিচাপে পালন কৰে।

নাঙলৰ বিহু

মূলত কৃষি-কৰ্মতেই নিৰ্ভৰশীল অসমীয়াৰ অন্যতম এপদ সম্পদ নাঙল। সেয়েহে কৃষিকৰ্মক প্ৰাধান্য দি বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু বুলি পালন কৰা হয়।

চেনেহী বা জীয়ৰী বিহু

বিহুৰ ষষ্ঠদিনা চেনেহী বা জীয়ৰী বিহু পালন কৰা হয়। এই বিহুত বিয়া দিয়া জীয়ৰী নিজৰ ঘৰলৈ আহে। সেয়েহে সেইদিনা ‘চেনেহী বা জীয়ৰী বিহু’।

চেৰা বিহু

সাত বিহুৰ শেষৰ দিনা চেৰা বিহু।এই বিহুক কোনো কোনোয়ে এৰা বিহু বুলিও কয়। এই বিহুত বহু আঞ্জাৰে ভাত আৰু ঠাই বিশেষে এশ এবিধ শাক খোৱাৰ নিয়ম আছে।

Also Read: এই ১০১ বিধ শাক কি কি, জানেনে ?

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin