Dailyhunt
'সময়ৰ অপচয়'; সন্তানক বিদ্যালয়লৈ নপঠিওৱাৰ সিদ্ধান্ত

'সময়ৰ অপচয়'; সন্তানক বিদ্যালয়লৈ নপঠিওৱাৰ সিদ্ধান্ত

ডিজিটেল ডেস্কঃ পিতৃ-মাতৃয়ে বিচাৰে সন্তানে পঢ়ি-শুনি ডাঙৰ মানুহ হওঁক। সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবেই পিতৃ-মাতৃয়ে কৰে হাড়-ভঙা কষ্ট। আজিৰ প্ৰতিযোগিতাৰ পৃথিৱীত শিক্ষাৰ মূল্য অপৰিসীম। পিছে আমাৰ দেশৰে এটা পৰিয়ালে নিজ সন্তানক বিদ্যালয়লৈ নপঠিওৱাৰ সিদ্ধান্ত লৈছে। কলকাতাৰ এই পৰিয়ালটোৱে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে আটাইৰে। সন্তানক পৰম্পৰাগত শিক্ষাৰ সলনি প্ৰেকটিকেল শিক্ষা দিয়াৰ প্ৰতি আগ্ৰহী এই পৰিয়ালটো। তেওঁলোকৰ মতে, বিদ্যালয়লৈ যোৱাটো কেৱল মাত্ৰ সময়ৰ অপচয়। যাৰবাবে স্কুললৈ পঠিয়াই নিজৰ আৰু সন্তানৰ সময় নষ্ট কৰিব নিবিচাৰে দম্পতীয়ে।

অভিনেত্ৰী তথা ইনফ্লুৱেন্সাৰ শ্বেহনাজ ট্ৰেজাৰীৱালাই পোহৰলৈ আনিছে এই পৰিয়ালটোৰ কথা।

পৰিয়ালটোক লগ পায় আৰু সমগ্ৰ সত্য জনাৰ পিছত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল এটা ভিডিঅ'। সম্প্ৰতি সেই ভিডিঅ'টো ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈছে । ভিডিঅ'টোত অভিনেত্ৰীগৰাকীয়ে কয়, 'এই দম্পতীয়ে কেতিয়াও নিজৰ সন্তানক স্কুললৈ পঠিয়াব নিবিচাৰে।'

অভিনেত্ৰীগৰাকীক পিতৃয়ে জানিবলৈ দিয়ে, ‘স্কুললৈ যোৱাটো সময়ৰ অপচয়, আমি ভ্ৰমণ আৰু ব্যৱহাৰিক জ্ঞানত বিশ্বাস কৰোঁ, গতিকে আমি যিমান পাৰো ভ্ৰমণ কৰোঁ। লগতে তেওঁ কয়, আনস্কুলিং হৈছে অভিজ্ঞতাভিত্তিক পদ্ধতি য’ত শিশুক দৈনন্দিন জীৱনৰ বিষয়ে শিকোৱা হয়, কৰ্মশালা, শিল্প আৰু সাহিত্যও ভ্ৰমণৰ জৰিয়তে শিকোৱা হয়। স্কুললৈ নোযোৱাৰ অৰ্থ হ’ল কোনো আৰ্হি নাই, কোনো পাঠ্যক্ৰম নাই আৰু কোনো হেঁচা নাই। এই জীৱনে আপোনাক সকলো শিকাই দিয়ে।'

এই দম্পতীৰ পুত্ৰ ক্ৰিকেটৰ প্ৰতি আগ্ৰহী আৰু তেওঁ ক্ৰিকেটৰ জৰিয়তে গণিত শিকিছে। আনহাতে সন্তানক উদ্যোগপতি হিচাপে গঢ় দিব বিচাৰে পিতৃয়ে।কলকাতাৰ এই দম্পতী এতিয়া সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সামাজিক মাধ্যমত বহুতেই এই দম্পতীৰ চিন্তা-ধাৰাক সমৰ্থন জনাইছে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin