Dailyhunt
সন্তানৰ কাহ হ'লে কি কৰিব লাগে জানি লওঁক

সন্তানৰ কাহ হ'লে কি কৰিব লাগে জানি লওঁক

ডিজিটেল ডেস্ক: পৰিৱৰ্তনশীল বতৰৰ প্ৰথম প্ৰভাৱ শিশুৰ স্বাস্থ্যৰ ওপৰতে পৰে।এনে বতৰত শিশুৰ জ্বৰ-কাহৰ আদি হোৱাটো খুবেই স্বাভাৱিক। এই দিনকেইটাত বিশেষকৈ শুকান কাহে শিশুসকলক বাৰুকৈয়ে আমনি কৰে।শুকান কাহৰ ফলত শিশুটোৰ ডিঙি বিষোৱা আৰম্ভ হয়। বহু ঔষধ খোৱাৰ পাছতো কেতিয়াবা শুকান কাহ ভাল নহয়।এনে পৰিস্থিতিত আপুনি কেতবোৰ ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰি আপোনাৰ সন্তানক শুকান কাহৰ সমস্যাৰ পৰা সকাহ দিব পাৰে। আজি শুকান কাহৰ ঘৰুৱা প্ৰতিকাৰসমূহৰ বিষয়ে জানো আহক-

গৰম পানীৰে গাৰ্গল

আপুনি আপোনাৰ সন্তানক কুহুমীয়া গৰম পানীত অলপ নিমখ গাৰ্গল কৰিবলৈ দিব। এনে কৰাৰ দ্বাৰা অতি সোনকালে তেওঁলোকে শুকান কাহৰ পৰা সকাহ পাব।

ভিক্স প্ৰয়োগ কৰিব

শুকান কাহ হ'লে শিশুৰ বুকুত ভিক্স লগাব।

তাৰ পাছত তেওঁলোকক এখন কাপোৰ লৈ শুই থাকিবলৈ দিব। এই উপায় অৱলম্বন কৰিলেও শিশুৰ শুকান কাহ খুব সোনকালে ভাল হয়।

হালধিৰ গাখীৰ

শুকান কাহ আঁতৰাবলৈ আপুনি শিশুক হালধিৰ গাখীৰ দিব পাৰে। হালধিৰ এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল আৰু এণ্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে বন্ধ নাকৰ সমস্যা দূৰ কৰাত সহায় কৰে। হালধিৰ গাখীৰ খালে শিশুটোৰ ডিঙিটোয়েও আৰাম পাব।

ডালিমৰ ৰস

আধা কাপ ডালিমৰ ৰসত এক চিমুটি আদাৰ গুৰি বা শুকান জালুক মিহলাই আপোনাৰ সন্তানক খাবলৈ দিব। শুকান কাহ উপশম কৰাত এই ৰেচিপিটো যথেষ্ট উপকাৰী বুলি প্ৰমাণিত।

মৌ

যদি আপোনাৰ সন্তান এবছৰতকৈ ডাঙৰ হয়, তেন্তে আপুনি মৌ খুবাব পাৰে। ই শুকান কাহৰ লগতে ডিঙিৰ বিষৰ পৰাও সকাহ দিব।

হাইড্ৰেটেড ৰাখিব

শিশুৰ শৰীৰত পানীৰ অভাৱ হ'লে বহু সমস্যাই দেখা দিব পাৰে। সেয়েহে তেওঁলোকক নিদিৰ্ষ্ট সময়ৰ মূৰে মূৰে পানী খাবলৈ দিব।

Also Read: এই ঘৰুৱা উপায়ৰে মুহূৰ্ততে দূৰ কৰক পেটৰ সমস্যা

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin