Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
সন্তানৰ শৰীৰত এই লক্ষণ দেখিলে সাৱধান হ'ব

সন্তানৰ শৰীৰত এই লক্ষণ দেখিলে সাৱধান হ'ব

ডিজিটেল ডেস্ক: শাৰীৰিক সক্ৰিয়তাৰ অভাৱ, বৰ্ধিত চাপ আৰু মেদবহুলতাৰ বাবে আজিকালি বহু ৰোগ বৃদ্ধি পাইছে। এনে ৰোগসমূহৰ ভিতৰত অন্যতম এক ৰোগ হৈছে ডায়েবেটিচ। ডায়েবেটিচ কেৱল প্ৰাপ্তবয়স্কৰ মাজতেই নহয়, যুৱসকলৰ মাজতো অভাৱনীয় হাৰত বৃদ্ধি পাইছে। তথ্য অনুসৰি, ২০১৬-১৭ বৰ্ষত ১,২০,০০০ যুৱ ডায়েবেটিচ ৰোগত আক্ৰান্ত হৈছিল, যি ২০২০-২১ বৰ্ষত ১,৪৮,০০০ লৈ বৃদ্ধি পাইছে। শতাংশৰ হিচাপত ২৩ শতাংশ বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা। বিশেষজ্ঞসকলৰ মতে, যুৱ সকল 'টাইপ-২' ডায়েবেটিচত অধিক আক্ৰান্ত হৈছে। কিন্তু ইয়াৰ কাৰণ তথা কিয় যুৱসকলক এই ৰোগত আক্ৰান্ত হয়, আজি জানো আহক-

'টাইপ-২' ডায়বেটিচৰ লক্ষণ

. সঘনাই প্ৰস্ৰাৱ লগা।

. অধিক পিয়াহ অনুভৱ কৰা।

. চকুৰে অস্পষ্ট দেখা ।

. বৰ্ধিত ভোক ।

. হাত আৰু ভৰিৰ জঠৰতা।

. আঘাত বোৰ আৰোগ্য হ'বলৈ সময় লগা।

. কঠোৰ পৰিশ্ৰম নকৰাকৈ ওজন হ্ৰাস ।

যুৱ লোকসকল ডায়েবেটিচত আক্ৰান্ত হোৱাৰ কাৰণবোৰ কি ?

বিশেষজ্ঞসকলৰ মতে, যুৱসকলৰ ডায়েবেটিচৰ মুখ্য কাৰণ হৈছে জাংক ফুড খোৱা, শাৰীৰিকভাৱে সক্ৰিয় নোহোৱা, উচ্চ কেলৰিযুক্ত খাদ্য খোৱা তথা অত্যাধিক চাপত থকা। তদুপৰি, পিতৃ-মাতৃ ডায়েবেটিচত আক্ৰান্ত হ’লেও সন্তান এই ৰোগত আক্ৰান্ত হ'ব পাৰে।

ডায়েবেটিচৰ পৰা নিজকে কেনেকৈ সুৰক্ষিত কৰিব ?

ডায়েবেটিচৰ দৰে বিপদজনক ৰোগৰ পৰা বাচি থাকিবলৈ খোৱা-বোৱাৰ ক্ষেত্ৰত বিশেষ যত্ন লোৱাটো অত্যন্ত জৰুৰী।

.অত্যাধিক মিঠা বা অত্যাধিক নিমখীয়া বস্তু নাখাব।

. অত্যাধিক তেলেতীয়া খাদ্য পৰিহাৰ কৰিব। জাংক ফুড, এলকহল, চিগাৰেট আদি পৰিহাৰ কৰিব।

. শাক- পাচলি বেছিকৈ খাব।

. সদায় ব্যায়াম কৰিব। যদি আপুনি দিনটোত ব্যায়াম কৰিবলৈ সময় নাপায়, দৈনিক কমেও তিনি কিলোমিটাৰ খোজ কাঢ়িবলৈ চেষ্টা কৰিব।

. ৰাতি সোনকালে শুব আৰু ৰাতিপুৱা সোনকালে উঠিব। পৰ্যাপ্ত ৮ ঘণ্টা টোপনি যাব। ই আপোনাক সু স্বাস্থ্যৰ গৰাকী হোৱাত যথেষ্ট সহায় কৰিব।

. চাপ বৃদ্ধি নহ’বৰ বাবে ধ্যান আৰু যোগ কৰিব।

. ওজন বৃদ্ধি হ'বলৈ নিদিব। ওজন বৃদ্ধি হ’লে ডায়েবেটিচ হোৱাৰ আশংকা যথেষ্ট বৃদ্ধি হয়।

Also Read: Diabetes Diet: এই ৮ বিধ খাদ্য খাই প্ৰাকৃতিকভাৱে কমাই দিয়ক ডায়েবেটিচ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin