Dailyhunt

সন্তানৰ সুস্বাস্থ্যৰ বাবে অভিভাৱকসকল সচেতন হওঁক

ডিজিটেল ডেস্ক: সম্প্ৰতি মেদবহুলতা আটাইতকৈ ডাঙৰ শাৰিৰীক সমস্যা হিচাপে বিবেচিত হৈছে । কেৱল প্ৰাপ্তবয়স্ক বা ডাঙৰ মানুহেই নহয়, শিশুসকলো এই সমস্যাত ভুক্তভোগী হৈছে। যাৰ ফলত খুব কম বয়সতে তেওঁলোক ডায়েবেটিচ, থাইৰইড আদিৰ দৰে ৰোগৰ চিকাৰ হ'বলগীয়া হৈছে।সেয়েহে এটা সুস্থ জীৱন লাভৰ বাবে ওজন নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ।বিশেষকৈ এই ক্ষেত্ৰত তেওঁলোকৰ পিতৃ-মাতৃ সচেতন হোৱাটো খুবেই জৰুৰী।যেতিয়া শিশুৰ ওজন বৃদ্ধি হয়, তেওঁলোকৰ শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। যাৰ ফলত আপুনি আপোনাৰ সন্তানৰ যে ওজন বৃদ্ধি হৈছে, সেইবিষয়ে জানিব পাৰে। আজি এই বিষয়ে জানো আহক-

শৰীৰ সক্ৰিয় নোহোৱা

যদি আপোনাৰ সন্তানে আন শিশুৰ তুলনাত ক্ৰীড়াত অধিক অংশগ্ৰহণ নকৰে আৰু শাৰীৰিক সক্ৰিয়তা প্ৰৰদৰ্শন আদিৰ দৰে কাৰ্যৰ পৰা পলায়ন কৰে, তেনেহ'লে ইয়াৰ অৰ্থ হৈছে যে তেওঁৰ ওজন বৃদ্ধি হৈছে।

ইয়াৰ বাহিৰেও, শৰীৰৰ ওজন বৃদ্ধি হ'লে তেওঁলোক সোনকালে ভাগৰি পৰে।সেয়েহে সদায় আপুনি আপোনাৰ সন্তানক সক্ৰিয় হৈ থাকিবলৈ দিব।

অধিক টোপনি যোৱা

বৰ্ধিত ওজনৰ বাবে শিশুৱে অলপ কাম কৰাৰ পিছত ভাগৰ লাগি শুই পৰে। ইও হৈছে ওজন বৃদ্ধিৰ লক্ষণ।শৰীৰৰ ওজন বৃদ্ধি হ'লে শিশুৱে তেওঁলোকৰ অধিক সময় টোপনি যোৱা আৰু বিশ্ৰাম লোৱাত অতিবাহিত কৰে।যদি অভিভাৱক হিচাপে আপুনি শিশুটোৰ শৰীৰত এই পৰিৱৰ্তন দেখিছে, তেন্তে সাৱধান হ'ব। শিশুটোৰ সুস্বাস্থ্যৰ বাবে সম্পূৰ্ণ টোপনি প্ৰয়োজন, কিন্তু অত্যাধিক টোপনিয়ে শিশুটোৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

বিএমআই

আপুনি আপোনাৰ সন্তানৰ ওজন বৃদ্ধি হৈছে নে নাই বি এম আইৰ জৰিয়তেও জানিব পাৰিব। শিশুৰ বিএমআই প্ৰাপ্তবয়স্কতকৈ সম্পূৰ্ণ পৃথক। বি এম আইৰ দ্বাৰা শিশুৰ ওজন আৰু দৈৰ্ঘ্যই নহয়, তেওঁলোকৰ লিংগৰো যত্ন লোৱা হয়। শিশুৰ শৰীৰ দ্ৰুতগতিত বিকশিত হয়, যাৰ ফলত তেওঁলোকৰ ওজন আৰু দৈৰ্ঘ্যও বাঢ়ি গৈ থাকে। বিশেষজ্ঞসকলৰ মতে, শিশুটোৰ ওজন অধিক হয় নে নহয় অনুমান কৰা কঠিন। কিয়নো তেওঁলোকৰ আচৰণ আৰু শৰীৰৰ কাৰ্যকলাপ বয়স অনুসৰি সলনি হৈ থাকে।

অস্বাস্থ্যকৰ খাদ্য খোৱা

খাদ্যও শিশুৰ মেদবহুলতাৰ অন্যতম কাৰণ। বহু শিশুয়েই জাংক ফুড খায়। যাৰ দ্বাৰা তেওঁলোকৰ ওজন বৃদ্ধি হয়।সেয়েহে, অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ ভুল খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিয়া উচিত। শিশুসকলক পিতৃ-মাতৃয়ে বতৰৰ ফল, পাচলি খুওৱাব অভ্যাস কৰিব লাগে।

শৰীৰৰ বিষয়ে চিন্তিত হোৱা

যদি আপোনাৰ সন্তানে বন্ধুবৰ্গৰ মাজত তেওঁৰ শৰীৰৰ বিষয়ে চিন্তিত হৈ কথা কয় আৰু তেওঁৰ বন্ধুবৰ্গই ইয়াক লৈ উপহাস কৰে, তেনেহ'লে শিশুটোক এই বিষয়ে সহজভাৱে ল'বলৈ বুজাই দিব। এই সমগ্ৰ বিষয়টোৰ ইতিবাচকতাৰ বিষয়ে তেওঁলোকক বুজাব।তদুপৰি, অভিভাৱকসকলে তেওঁলোকৰ সন্তানক এক ভাল আৰু স্বাস্থ্যকৰ জীৱনশৈলী জীয়াই থাকিবলৈ পৰামৰ্শ দিব লাগে। যাতে বৰ্ধিত ওজনৰ সমস্যা পৰিহাৰ কৰি তেওঁলোক স্বাস্থ্যৱান হৈ থাকিব পাৰে।

বয়সৰ হিচাপত আপোনাৰ ওজন কিমান হ'ব লাগে জানি লওঁক
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin