Dailyhunt

সাৱধান ! আজিৰ পৰা আৰু এই ফল মুখত নিদিব

ডিজিটেল ডেস্ক: ভুল জীৱনশৈলী তথা খাদ্যাভ্যাস আৰু ব্যায়াম নকৰাৰ বাবে ডায়েবেটিচৰ দৰে বিপদজনক ৰোগ দিনক-দিনে বৃদ্ধি পাইছে। প্ৰতি এশজনৰ দহজন ৰোগীয়েই এই দুৰাৰোগ্য ৰোগত আক্ৰান্ত। ডায়েবেটিচৰ ফলত শৰীৰে পৰ্যাপ্ত ইনচুলিন প্ৰস্তুত কৰিব নোৱাৰে। ইনচুলিন হৈছে এক হৰমন, যি শৰীৰক খাদ্যৰ পৰা প্ৰাপ্ত গ্লুুক'জ ব্যৱহাৰ কৰাত সহায় কৰে। যেতিয়া শৰীৰে পৰ্যাপ্ত ইনচুলিন প্ৰস্তুত কৰিবলৈ সক্ষম নহয়, তেজত গ্লুুক'জ জমা হয়, যি ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰে।

শৰীৰত ৰক্ত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত হৃদৰোগ, ষ্ট্ৰ'ক, দুৰ্বল দৃষ্টিশক্তি আৰু বৃক্কৰ ৰোগ হ'বলৈ আৰম্ভ কৰে। ডায়েবেটিচ সম্পূৰ্ণৰূপে নিৰাময় কৰাৰ একো উপায় নাই, কিন্তু ইয়াৰ দ্বাৰা পীড়িত ৰোগীসকলে তেওঁলোকৰ খাদ্যৰ যত্ন লৈ ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰে।

স্বাস্থ্যৰ বাবে উপকাৰী হলেও কিছুমান ফল ডায়েবেটিচৰ ৰোগীসকলে একেবাৰেই খাব নালাগে। ডায়েবেটিচ ৰোগীৰ বাবে বিহসদৃশ এই ফলসমূহৰ বিষয়ে আজি জানো আহক-

আম

যদি আপুনি ডায়েবেটিচ ৰোগী, তেনেহ'লে আম নোখোৱাটো আপোনাৰ বাবে অতি উত্তম। ইয়াৰ এটা উচ্চ গ্লাইচেমিক সূচক আছে। সেয়েহে, আম খালে আপোনাৰ ৰক্ত শৰ্কৰা বৃদ্ধি হ'ব পাৰে।

কল

ডায়েবেটিচ ৰোগীসকলে কলৰ পৰাও দূৰতে থাকিব লাগে কিয়নো কলৰ গ্লাইচেমিক সূচক বহুত বেছি। কল খোৱাৰ ফলত আপোনাৰ ডায়েবেটিচৰ স্তৰ বৃদ্ধি হ'ব পাৰে।

আঙুৰ

আঙুৰ খোৱাটোও ডায়েবেটিচ ৰোগীৰ বাবে একেবাৰে অপকাৰী।আঙুৰত পোৱা ভিটামিন-চি আৰু কাৰ্বোহাইড্ৰেটে আপোনাৰ ৰক্ত শৰ্কৰা দ্ৰুতগতিত বৃদ্ধি কৰিব পাৰে। কিন্তু তথাপিও যদি আপুনি আঙুৰ খাবলৈ বিচাৰে, তেন্তে নিশ্চিতভাৱে চিকিত্‍সকৰ এবাৰ পৰামৰ্শ গ্ৰহণ কৰিব।

লিচু

লিচুত চেনীৰ পৰিমাণ যথেষ্ট বেছি থাকে। সেয়েহে ডায়েবেটিচত ভুগি থকা ৰোগীসকলৰ বাবে লিচু অপকাৰী।

আনাৰস

আনাৰসত ফ্ৰুক্টোজ অতি উচ্চ পৰিমাণত থাকে। ই ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰে, সেয়েহে ডায়েবেটিচত ভুগি থকা ৰোগীয়ে ইয়াক গ্ৰহণ কৰিব নালাগে।

তৰমুজ

সকলোৱে গ্ৰীষ্মকালত তৰমুজ খাবলৈ খুব ভাল পায়। কিন্তু ডায়েবেটিচ ৰোগীৰ বাবে তৰমুজ খোৱাটো ভাল নহয়। ইয়াত যথেষ্ট পৰিমাণে চেনী থাকে, সেয়েহে ইয়াক খোৱাৰ আগতে এবাৰ ভাবিব।
ক'লা জামু

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ডায়েবেটিচ ৰোগীসকলে তেওঁলোকৰ আহাৰত ক'লা জামু অন্তৰ্ভুক্ত কৰিব নালাগে। ক'লা জামু খালে ৰোগীৰ সমস্যা বৃদ্ধি হ'ব পাৰে।

কি ৰোগত আক্ৰান্ত আপোনাৰ প্ৰিয় তাৰকাজন, আজি জানি লওঁক
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin