
ডিজিটেল ডেস্ক: এতিয়া সকলোৰে পছন্দৰ কেডবেৰী চকলেট নিসিদ্ধ ঘোষণা কৰা হৈছে। ইউ কে বাসীক এই চকলেট একেবাৰে নাখাবলৈ সতৰ্ক কৰি দিয়া হৈছে। একে সময়তে, দোকানীসকলকো এই চকলেট বিক্ৰী নকৰিবলৈ সকীয়াই দিয়া হৈছে। শেহতীয়াকৈ, ইউৰোপীয় খাদ্য সুৰক্ষা কৰ্তৃপক্ষই (ইএফএছএ) বিখ্যাত চকলেট ব্ৰেণ্ডৰ কিছুমান সামগ্ৰীত এক বিপদজনক বেক্টেৰিয়াৰ উপস্থিতি ধৰা পেলাইছিল।
লিষ্টেৰিয়া বেক্টেৰিয়া কি?
লিষ্টেৰিয়া হৈছে মানুহৰ লগতে বহুতো স্তন্যপায়ী প্ৰাণীত পোৱা এক বেক্টেৰিয়া। এই ভাইৰাছৰ দ্বাৰা হোৱা সংক্ৰমণক লিষ্টাৰিঅচিছ বুলি কোৱা হয়। এই সংক্ৰমণৰ প্ৰভাৱ পোনপটীয়াকৈ হাড়, গাঁঠি, বুকু আৰু পাকস্থলীত পৰা দেখা যায়। এই বেক্টেৰিয়া সাধাৰণতে জীৱ-জন্তুৰ মাটি, পানী আৰু অন্ত্ৰত পোৱা যায়। ১৯৯৮ চনত এই ভাইৰাছ বহুতো দেশলৈ বিয়পি পৰিছিল। সেই সময়ত ইয়াক মাংসত আবিস্কাৰ কৰা গৈছিল।এই বেক্টেৰিয়াৰ সংক্ৰমণত সেই সময়ত ২১ জন লোকৰ মৃত্যু হৈছিল।
লিষ্টেৰিয়া বেক্টেৰিয়াৰ সংক্ৰমণৰ লক্ষণ
এই ভাইৰাছ খাদ্যৰ জৰিয়তে বিয়পে। বিশেষকৈ এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত জন্তুৰ মাংস খাই সংক্ৰমিত হ'ব পাৰে।ইয়াৰ লক্ষণসমূহ হৈছে-
১.বমি
২.জ্বৰ
৩.ডায়েৰিয়া
৪.ভাগৰ লগা
৫.পেশীৰ বিষ
কোন লোকৰ আটাইতকৈ বেছি বিপদাশংকা আছে?
বিশেষজ্ঞসকলৰ মতে, চকলেটত পোৱা এই ভাইৰাছ গৰ্ভৱতী মহিলা, শিশু আৰু বৃদ্ধসকলৰ বাবে অধিক বিপদজনক। কিয়নো, এই লোকসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল। ইয়াৰ উপৰিও, এই বেক্টেৰিয়া গৰ্ভজাত সন্তানৰ বাবেও ক্ষতিকাৰক।
