Dailyhunt
সাৱধান ! ছানস্ক্ৰীণৰো আছে অগণন পাৰ্শ্বক্ৰিয়া

সাৱধান ! ছানস্ক্ৰীণৰো আছে অগণন পাৰ্শ্বক্ৰিয়া

ডিজিটেল ডেস্ক: সূৰ্যৰ কঠোৰ ৰশ্মিৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ অধিকাংশ লোকেই দৈনিক ছানস্ক্ৰীণ ব্যৱহাৰ কৰে। ছানস্ক্ৰীণে ছালক সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষিত কৰে। কিন্তু একে সময়তে ই ছালৰ যথেষ্ট ক্ষতিও কৰে। হয়, গ্ৰীষ্ম কাল আৰম্ভ হোৱাৰ লগে লগে ছালৰ বিশেষ যত্ন লোৱাটো অত্যাৱশ্যকীয় হৈ পৰে। এইদিনকেইটাত সূৰ্যৰ তীব্ৰ ৰশ্মিৰ ফলত ছান টেন, ছন বাৰ্ণকে ধৰি ছালৰ বিভিন্ন সমস্যা হ'ব পাৰে। সেয়েহে বিশেষজ্ঞসকলে সকলোকে ছানস্ক্ৰীণ প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়ে। কিন্তু দৈনিক ছানস্ক্ৰীণ প্ৰয়োগ কৰাটো কিমান সুৰক্ষিত আপুনি জানেনে ?

আমাক ছানস্ক্ৰীণৰ কিয় প্ৰয়োজন ?

ছানস্ক্ৰীণ প্ৰয়োগৰ ফলত আমাৰ ছালত এক সুৰক্ষামূলক স্তৰৰ সৃষ্টি হয়।

ই সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা ছালৰ পোনপটীয়া ক্ষতি প্ৰতিহত কৰাত সহায় কৰে। ছানস্ক্ৰীণত টাইটেনিয়াম আৰু জিংক অক্সাইড থাকে, যিয়ে ছালক সূৰ্যৰ তীব্ৰ ৰশ্মিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে। ছানস্ক্ৰীণৰ এই গুণাগুণবোৰে ছালক বয়স বৃদ্ধি আৰু ছানবাৰ্ণৰ পৰাও সুৰক্ষা দিয়ে।

ছানস্ক্ৰীণৰ ক্ষতিকাৰক দিশ

১.ছানস্ক্ৰীণত বিভিন্ন ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ থাকে, যিয়ে ছাল সম্পৰ্কীয় সমস্যা সৃষ্টি কৰিব পাৰে। ইয়াৰ প্ৰস্তুতকৰণত টেট্ৰাচাইক্লিন আৰু ছালফা ফেনোথিয়াজিনৰ দৰে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়।

২. ছানস্ক্ৰীণ তৈয়াৰ কৰাত ব্যৱহৃত ৰাসায়নিক পদাৰ্থৰ ফলত ছালত খজুৱতি, ৰঙা পৰা বা ফুলিব পাৰে। সেয়েহে, যদি আপুনি ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছত খজুৱতি অনুভৱ কৰে, ইয়াক একেবাৰে ব্যৱহাৰ নকৰিব।

৩. যদি আপোনাৰ ছাল সংবেদনশীল, তেন্তে ছানস্ক্ৰীণ ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ ছালৰ ক্ষতি হোৱাটো প্ৰায় নিশ্চিত। সংবেদনশীল ছালৰ গৰাকীয়ে চিকিৎসকৰ পৰামৰ্শ অবিহনে ছালত একো প্ৰয়োগ নকৰিব নালাগে।

ছানস্ক্ৰীণৰ লাভালাভ

১. ছানবাৰ্ণ আৰু টেনিঙৰ পৰা সুৰক্ষা।

২. হাইপাৰ পিগমেণ্টেচনৰ পৰা সকাহ।

৩. হাইড্ৰেটেড হৈ থাকে ছাল।

৪. ছালৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা।

৫. শালমইনাৰ চিহ্ন হ্ৰাস কৰাত কাৰ্যকৰী।

৬. সূক্ষ্ম ৰেখা আৰু বয়স বৃদ্ধি হ্ৰাস কৰে।

প্ৰকৃততে কোনবিধ ছানস্ক্ৰীণ অধিক কাৰ্যকৰী ?

ছানস্ক্ৰীণত এছ পি এফৰ পৰিমাণ যিমানেই বেছি হয়, ই সিমানেই আমাৰ ছালৰ বাবে উপকাৰী। উদাহৰণ স্বৰূপে, যদি আপুনি এছ পি এফ ১৫যুক্ত ছানস্ক্ৰীণ ব্যৱহাৰ কৰিছে, ইয়াৰ অৰ্থ হৈছে আপুনি সূৰ্যৰ পৰা ১৫ শতাংশ সুৰক্ষা লাভ কৰিব।

Also Read: সুস্থ হৈ থাকিবলৈ বিচাৰিছে যদি ম’বাইলৰ পৰা দূৰত থাকক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin