
ডিজিটেল ডেস্ক: অধিকাংশ মহিলাই মাহেকীয়াৰ সময়ত পেটৰ বিষত ভোগে। কিন্তু যদি এই সমস্যাটো মাহেকীয়াৰ বাহিৰে আন সময়তো বাৰে বাৰে হয়, তেন্তে ই গুৰুতৰ ৰোগৰ লক্ষণ হ'ব পাৰে। নাভিৰ চাৰিওফালে বা তল পেটৰ বিষ বিভিন্ন প্ৰকাৰৰ সংক্ৰমণৰ ফলত হয়।আজি এই বিষয়ে জানো আহক-
তল পেটৰ বিষ হোৱাৰ কাৰণ-
মূত্ৰনলীৰ সংক্ৰমণ (ইউটিআই)
বহুসময়ত মহিলাৰ তলপেটত মূত্ৰনলীৰ সংক্ৰমণৰ বাবে বিষ হয়। কম পানী খোৱাৰ বাবে পেটৰ সংক্ৰমণ হয়, যাৰ ফলত বিষ হয়। প্ৰস্ৰাৱত জ্বলা পোৰা তথা সঘনাই প্ৰস্ৰাৱ হোৱাটো মূত্ৰনলীৰ সংক্ৰমণৰ লক্ষণ।
প্ৰজনন তন্ত্ৰত সংক্ৰমণ
প্ৰজনন তন্ত্ৰত সংক্ৰমণ হ'লে পেটৰ তলৰ বিষ হয়। ই জৰায়ু, ফেলোপিয়ান টিউব আৰু ডিম্বাশয়ক প্ৰভাৱিত কৰিব পাৰে।
পেশীত আঘাত
পেশীত আঘাত পালেও আপুনি তল পেটত বিষ অনুভৱ কৰিব পাৰে। কেতিয়াবা ব্যায়াম কৰা, নচা বা সাঁতুৰিলেও তল পেটত বিষ হয়। গধুৰ বস্তু উঠোৱাৰ বাবেও তল পেটৰ বিষ হয়।
গেছ
গেছৰ সমস্যা থাকিলেও তল পেটত বিষ হয়। ইয়াৰ বাবে আপুনি বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি গেছ-উপশমকাৰী ঔষধ গ্ৰহণ কৰা উচিত।
অধিকাংশ লোকেই পেটৰ বিষক সহজভাৱে লয় যদিও প্ৰকৃততে ই পৰৱৰ্তী সময়ত গুৰুতৰ ৰোগৰ কাৰক হ'ব পাৰে।সেয়েহে পেটৰ বিষ হ'লে ততাতৈয়াকৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো খুবেই প্ৰয়োজনীয়।অৱশ্যে, ঋতুস্ৰাৱৰ সময়ত মহিলাৰ পেটৰ বিষ হয়। বহুসময়ত পিঠিৰ তলফালেও তীব্ৰ বিষ হয়। অৱশ্যে, মাহেকীয়াৰ সময়ত পেটৰ বিষ হ'লে চিন্তা কৰাৰ একো কাৰণ নাই।মাহেকীয়াৰ সময়ত এই সমস্যা একেবাৰেই স্বাভাৱিক।
মগজু, মেৰুদণ্ডত নেইল পলিছে পেলাই পোনপটীয়া প্ৰভাৱ, মহিলাসকল সাৱধান হওঁক