Dailyhunt
স্বামীৰ সৈতে সম্পৰ্ক শেষ কৰিব নেকি বক্সাৰ মেৰী কমে?

স্বামীৰ সৈতে সম্পৰ্ক শেষ কৰিব নেকি বক্সাৰ মেৰী কমে?

ডিজিটেল ডেস্কঃ বিবাহ বিচ্ছেদৰ দিশে আগবাঢ়িছে অলিম্পিক বিজয়ী ভাৰতীয় বক্সাৰ এম চি মেৰী কম আৰু তেওঁৰ স্বামী কাৰুং অনখোলাৰে (অনলাৰ)। বক্সিং ইতিহাসৰ আটাইতকৈ সফল খেলুৱৈ মেৰী কম ২০ বছৰ পূৰ্বে অনলাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

উল্লেখ্য যে, ২০২২ চনৰ মণিপুৰ বিধানসভা নিৰ্বাচনত অনলেৰৰ পৰাজয়ৰ পিছত দুয়োৰে মাজত অশান্তি আৰম্ভ হৈছিল। সেই সময়ছোৱাত পৰিয়ালটোৱে বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিল। তাৰ পাছৰে পৰা আছুতীয়াকৈ আছে বক্সাৰ গৰাকী।

প্ৰাপ্ত তথ্য অনুসৰি, বক্সাৰগৰাকী আৰু তেওঁৰ চাৰি সন্তান ফৰিদাবাদত থাকে, আনহাতে তেওঁৰ স্বামী পৰিয়ালৰ একাংশ সদস্যৰ সৈতে দিল্লীত থাকে। শেহতীয়া খবৰ অনুসৰি স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ কৰা নাই যদিও মেৰী কম আৰু অনলাৰৰ বিচ্ছেদৰ খবৰৰ মাজতে অন্য এক বিষয়ে বিশেষ চৰ্চা লাভ কৰিছে।

এগৰাকী ব্যৱসায়ীৰ সৈতে ঘনিষ্ঠতা বাঢ়িছে মেৰী কমৰ। তেওঁৰ ব্যৱসায়ৰ সহযোগী হিতেশ চৌধৰীৰ সৈতে তোলা কেবাখনো ফ'টো,ভিডিঅ'ই ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে। অৱশ্যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই বক্সাৰগৰাকীয়ে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin