Dailyhunt
স্বাস্থ্যৰ সমস্যা ৰোধৰ বাবে মটৰ ত্যাগ কৰক

স্বাস্থ্যৰ সমস্যা ৰোধৰ বাবে মটৰ ত্যাগ কৰক

ডিজিটেল ডেস্ক: মটৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত প্ৰ'টিন, এমিনো এচিড, ভিটামিন-ডি তথা আঁহৰ দৰে পুষ্টি থাকে, যি কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায় কৰে। বিশেষকৈ শীতকালত, সেউজীয়া মটৰ যেনে আলু মটৰ, মটৰ চীজ, মটৰ কাঠফুলা, মটৰ পুডিং আদিৰ পৰা বহুতো সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰা হয়। কিন্তু অত্যাধিক সেউজীয়া মটৰ খোৱাটোৱেও আপোনাৰ বাবে ক্ষতিকাৰক হব পাৰে।

ওজন বৃদ্ধি

সেউজীয়া মটৰত প্ৰ'টিন, কাৰ্বোহাইড্ৰেট অতি উচ্চ পৰিমাণত পোৱা যায়, ইয়াক অত্যাধিক পৰিমাণে সেৱন কৰিলে আপোনাৰ ওজন বৃদ্ধি হ'ব পাৰে। গতিকে যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, তেন্তে ইয়াক সীমিত পৰিমাণত গ্ৰহণ কৰক।

বৃক্কৰ সমস্যা

মটৰত যথেষ্ট পৰিমাণে প্ৰ'টিন থাকে।সেয়েহে যদি আপোনাৰ বৃক্ক সম্পৰ্কীয় সমস্যা আছে, মটৰ নাখাব। ইয়াৰ ফলত আপোনাৰ বৃক্কৰ কাৰ্যত সমস্যা হ'ব পাৰে। সেয়েহে, আপুনি সেউজীয়া মটৰ খোৱা পৰিহাৰ কৰা উচিত।

ইউৰিক এচিড

মটৰত এমিন' এচিড, ভিটামিন-ডি, আঁহ বহু বেছি পৰিমাণত পোৱা যায়।যিয়ে আপোনাৰ শৰীৰত ইউৰিক এচিডৰ স্তৰ বৃদ্ধি কৰিব পাৰে। যদি আপুনি ইউৰিক এচিডৰ সমস্যাত ভুগি আছে, সেউজীয়া মটৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত নকৰিব।

এই পাচ বিধ ঘৰুৱা বস্তু খাই সকাহ পাওক
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin