Dailyhunt
শাওনত শিৱ পূজা, উপবাসৰ নিয়মসমূহ জানি লওঁক

শাওনত শিৱ পূজা, উপবাসৰ নিয়মসমূহ জানি লওঁক

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত ভগৱান শিৱক পূজা তথা উপবাসৰ বাবে শাওন মাহটো বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়।এইবেলি শাওন মাহ ২২ জুলাইত আৰম্ভ হৈ ১৯ আগষ্টত শেষ হ'ব। এই মাহটোত বিশেষভাৱে উপাসনা কৰি আপুনি মহাদেৱৰ আশীৰ্বাদপুষ্ট হ'ব পাৰে।এই মাহটোৰ সৈতে সম্পৰ্কিত কেতবোৰ পৰম্পৰা তথা নিয়মৰ বিষয়ে জানি লওঁক-

শিৱ পূজা: এই মাহত ভগৱান শিৱৰ বিশেষ উপাসনা কৰা হয়। ভক্তসকলে শিৱলিংগক পানী, গাখীৰ, বেলপাত, ধতুৰা ফুল আৰু ভাং আগবঢ়ায়।

উপবাস: শাওন মাহৰ সোমবাৰে উপবাস ৰখাটো অতি শুভ বুলি গণ্য কৰা হয়। বহু লোকে মহাদেৱৰ আৰ্শীবাদ লাভ কৰিবলৈ এই মাহৰ প্ৰতি সোমবাৰে উপবাস ৰাখে।

ভজন-কীৰ্তন: এই মাহত শিৱৰ ভজন-কীৰ্তন আৰু ধৰ্মীয় গীত গোৱা হয়।

সাধনা-ধ্যান: এই মাহত সাধনা আৰু ধ্যান কৰাটোও শুভ বুলি গণ্য কৰা হয়। ই মানসিক শান্তি আৰু আধ্যাত্মিক বিকাশৰ বাবে লাভজনক।

বিশুদ্ধতা: মহাদেৱক উপাসনা কৰোতে সদায় শাৰীৰিক আৰু মানসিক বিশুদ্ধতা বজাই ৰাখিব লাগে।

শাওন মাহৰ ব্ৰতৰ নিয়ম

-উপবাস ৰখাসকলে দেহ-মনৰ বিশুদ্ধতা অনুসৰণ কৰাটো খুবেই প্ৰয়োজন। সদায় গা ধুই আৰু পৰিস্কাৰ কাপোৰ পিন্ধিহে দিনটো আৰম্ভ কৰিব।

-ৰাতিপুৱা আৰু সন্ধিয়া শিৱলিংগৰ উপাসনা কৰিব। শিৱলিংগক পানী, গাখীৰ, বেলপাত, চন্দন আৰু ফুল আগবঢ়াব।

-এই মাহত ব্ৰত ৰাখিলে ফল বা গাখীৰ খাব পাৰি। শস্য আৰু নিমখ ভুলতো নাখাব।

- 'ওম নমাহ শিৱায়া' মন্ত্ৰ জপ কৰিব। এই মন্ত্ৰ উচ্চাৰণ কৰিলে ভগৱান শিৱই মানসিক শান্তি আৰু আশীৰ্বাদ দিব।

-মহাদেৱৰ ভজন আৰু কীৰ্তনত অংশগ্ৰহণ কৰিব। ই মনত ভক্তি আৰু আনন্দৰ অনুভূতি প্ৰদান কৰে।

-এই মাহৰ প্ৰতিটো সোমবাৰে ব্ৰত কথা আবৃত্তি কৰিব বা শুনিব।

- এই মাহত দাতব্য কাম কৰাৰ বিশেষ গুৰুত্ব আছে। দৰিদ্ৰ লোকসকলক দান কৰিব।

উল্লেখ্য যে, হিন্দু ধৰ্মালম্বীসকলে অতি পবিত্ৰ বুলি গণ্য কৰা এই মাহত কৰা পূজা, উপবাস আৰু ধৰ্মীয় কামবোৰৰ বিশেষ গুৰুত্ব আছে। এই মাহত বিশুদ্ধ মনৰে তথা নিয়ম-নীতিৰে মহাদেৱৰ সাধনা কৰিলে ভক্তই জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি লাভ কৰে।

বুধবাৰে গণেশক কিদৰে উপাসনা কৰিব লাগে জানেনে ?
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin