Dailyhunt

শিশুৰ বিকাশত গুৰুতৰ ভূমিকা গ্ৰহণ কৰে নাৰিকল তেলে

ডিজিটেল ডেস্ক: নৱজাতকৰ ছাল অতি সংবেদনশীল। যাৰ বাবে তেওঁলোকক অধিক যত্নৰ প্ৰয়োজন। যত্নত অলপ অৱহেলা হ'লেই শিশুৰ ছালত বিভিন্ন সংক্ৰমণে দেখা দিয়ে।এই ক্ষেত্ৰত নতুনকৈ মাতৃত্ব আহৰণ কৰাসকলে তেওঁলোকৰ ছালত কি তেল ব্যৱহাৰ কৰিব লাগে, তাকে লৈ বিভ্ৰান্তিত পৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, শিশুৰ বাবে নাৰিকল তেল খুব উপকাৰী। শিশুক নাৰিকল তেলৰে মালিচ কৰাৰ লাভালাভ সমূহৰ বিষয়ে আজি জানো আহক-

ছাল ময়েশ্চাৰাইজ হয়

নৱজাতকৰ ছাল অতি খুবেই কোমল।আন তেলৰ তুলনাত নাৰিকল তেলে তেওঁলোকৰ ছালখন আৰ্দ্ৰ কৰাত সহায় কৰে। এই তেলেৰে শিশুকক মালিচ কৰিলে তেওঁলোকৰ ছাল কোমল আৰু হাইড্ৰেটেড হৈ থাকে।

মগজুৰ বিকাশ

নাৰিকল তেলৰে শিশুৰ মূৰ মালিচ কৰিলে তেওঁলোকৰ মন-মগজু তীক্ষ্ণ হয়।

নাৰিকল তেলক মজলীয়া শৃংখল ট্ৰাইগ্লিচাৰাইডৰ সৰ্বশ্ৰেষ্ঠ উত্‍স বুলি গণ্য কৰা হয়।সেয়েহে, এই তেলৰে মালিচ কৰিলে শিশুৰ মগজুয়ে ভালদৰে কাম কৰে।

ওজন বৃদ্ধিত সহায়ক

শিশুক নিয়মীয়াকৈ এই তেলৰে মালিচ কৰিলে, ই সিহঁতৰ ওজন বৃদ্ধিতো যথেষ্ট সহায় কৰে।

ডায়েপাৰ ৰেছৰ পৰা পাব পৰিত্ৰাণ

একেৰাহে ডায়েপাৰ পিন্ধাৰ ফলত শিশুৰ ছাল ৰঙা পৰে।ইয়াৰ পৰা বাচি থাকিবলৈ আপুনি নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে। ইয়াত এণ্টিমাইক্ৰোবাইল আৰু এণ্টিফাংগাল গুণ আছে, যিয়ে 'ডায়েপাৰ ৰেচ' হ্ৰাস কৰাত সহায় কৰে।

চুলিও হয় শক্তিশালী

নৱজাতকৰ চুলিৰ উন্নত বিকাশৰ বাবেও আপুনি নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে। ইয়াত পোৱা গুণাগুণবোৰে চুলি শক্তিশালী কৰাত সহায় কৰে।

এলাৰ্জিৰ পৰা পাব সকাহ

শিশুৰ ছাল অতি সংবেদনশীল। যাৰ বাবে তেওঁলোকৰ ছালত সংক্ৰমণ হোৱাৰ এশ শতাংশই আশংকা থাকে। যদি শিশুৰ ছালত কোনো ধৰণৰ এলাৰ্জি বা একজিমা থাকে, তেতিয়া আপুনি নাৰিকল তেলৰে তেওঁলোকৰ ছাল মালিচ কৰিব পাৰে। ই শিশুৰ ছালৰ খজুৱতি আৰু ৰঙা পৰা সমস্যাও নাইকিয়া কৰে।

এইসমূহ উপায় অৱলম্বন কৰক, আপোনাৰ সন্তানেও শুনিব আপোনাৰ সকলো কথা
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin