Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
শিশুৰ স্মৃতিশক্তি বৃদ্ধি কৰা খাদ্য দুবিধ কি জানেনে ?

শিশুৰ স্মৃতিশক্তি বৃদ্ধি কৰা খাদ্য দুবিধ কি জানেনে ?

ডিজিটেল ডেস্ক: শিশুক একো খুৱাবলৈ সহজ নহয়।কিয়নো তেওঁলোকে যিকোনো খাদ্য খোৱাৰ সময়ত বিভিন্ন অজুহাত দেখুৱায়।এনে পৰিস্থিতিত পিতৃ-মাতৃৰ সমস্যা আৰু অধিক বৃদ্ধি হয় আৰু তেওঁলোক চিন্তিত হৈ পৰে।পিছে আপুনি আপোনাৰ শিশুটিক মাত্ৰ দুবিধ খাদ্য খুৱাই স্মৃতি শক্তি তীক্ষ্ণ কৰিব পাৰে।সকলো সময়তে তথা সকলোৰে সময়তে সহজে উপলব্ধ এই দুবিধ খাদ্য হৈছে গুড় আৰু বুট মাহ।শিশুক গুড় আৰু বুট মাহ খুওৱাৰ লাভালাভবোৰৰ বিষয়ে আজি জানো আহক-

বিশেষজ্ঞসকলৰ মতে, বুট মাহ আৰু গুড় খালে শিশুৰ স্মৃতিশক্তি বৃদ্ধি হয়।কিয়নো স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ ভিটামিন বি ৬ৰ প্ৰয়োজন। এই ভিটামিন গুড় আৰু বুট মাহ দুয়োটাতে পোৱা যায়। ই মগজুৰ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে।তদুপৰি গুড় আৰু বুট মাহ খোৱাৰ ফলত শৰীৰত চেৰোটনিন নামৰ হৰমন বৃদ্ধি হয়, যি চাপ হ্ৰাস কৰে।

কেনেকৈ খুৱাব ?

বুট মাহ ৰাতিটো পানীত তিয়াই ৰাখক। পিছদিনা আপুনি শিশুসকলক গুড়ৰ সৈতে বুট খিনি খাবলৈ দিব। বহুলোকে গুড়ৰ সৈতে ভজা বুট মাহ খায়। কিন্তু এই পদ্ধতিটো ভুল। স্মৃতি শক্তি বৃদ্ধি কৰিবলৈ কমেও ৮-১০ ঘণ্টা তিয়াই থোৱা বুট মাহ খাব লাগে।

কোন সময় খালে লাভজনক হ'ব ?

আপুনি ৰাতিপুৱা খালী পেটত শিশুটোক গুড় আৰু বুট মাহ দিব পাৰে। ই তেওঁলোকৰ স্মৃতিশক্তি বৃদ্ধি কৰিব আৰু তেওঁলোকক হজমৰ সমস্যা আৰু ওজন নিয়ন্ত্ৰণত সহায় কৰিব।

গুড় আৰু বুটমাহৰ অন্যান্য স্বাস্থ্য উপকাৰিতা

. এই দুয়োটা বস্তুতে প্ৰ'টিন আৰু পটাছিয়াম যথেষ্ট পৰিমাণে পোৱা যায়, ই হাড় শক্তিশালী কৰাত সহায় কৰে।

. ইয়াত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই শিশুৰ ৰক্তচাপৰ স্তৰ নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকা হ্ৰাস কৰে।

. গুড় আৰু বুট মাহ খালে পেটৰ বিষ, বমি, কোষ্ঠকাঠিন্য আৰু পেটৰ বিষ আদিৰ দৰে সমস্যাও আঁতৰ হয়। ইয়াত থকা আঁহবোৰ পেটৰ বাবে অতি উপকাৰী।

. ই বিপাকৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে। বিপাক বৃদ্ধি হ’লে ওজন হ্ৰাস কৰাত সহায় কৰে।

. শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰিবলৈও আপুনি গুড় আৰু বুট মাহ খাব পাৰে। এই দুয়োটা খাদ্যবস্তুতে আইৰণ অতি ভাল পৰিমাণত পোৱা যায়, যি শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে।

Also Read: নিশা টোপনি নহাৰ কাৰণ এইকেইটা, অভিভাৱকসকল সাৱধান হওক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin