Dailyhunt
শীতকালত মূলা খোৱাটো উপকাৰী নে অপকাৰী ?

শীতকালত মূলা খোৱাটো উপকাৰী নে অপকাৰী ?

ডিজিটেল ডেস্ক: শীতকালত মূলা প্ৰচুৰ পৰিমাণে পোৱা যায়। মূলাক পাচন, কোষ্ঠকাঠিন্য, ৰক্তচাপ, ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। মূলাত প্ৰচুৰ পৰিমাণে আঁহ, ভিটামিন চি, পটাছিয়াম, আৰু কেইবাটাও এন্টিঅক্সিডেন্ট থাকে। কিন্তু ভুল ধৰণৰে মূলা খালে ইয়াৰ পৰা উপকাৰ হোৱাৰ সলনি আপোনাৰ বদহজম, গেছ, পেট ফুলা, এলাৰ্জী আদিৰ দৰে স্বাস্থ্যৰ সমস্যা হ'ব পাৰে। আয়ুৰ্বেদত মূলাৰ সৈতে কিছুমান খাদ্যৰ সংমিশ্ৰণ 'নিষিদ্ধ' বুলি কোৱা হৈছে। মূলাৰ সৈতে কি খাদ্য খাব নালাগে, জানো আহক-

তিতা কেৰেলা

বহুতে তিতা কেৰেলাৰ চালাড অথবা আঞ্জাত মূলা খায়। কিন্তু আয়ুৰ্বেদৰ মতে এই সংমিশ্ৰণ একেবাৰে অস্বাস্থ্যকৰ। মূলা আৰু তিতা কেৰেলা দুয়োবিধতে প্ৰাকৃতিক ৰাসায়নিক পদাৰ্থ থাকে।

যিসমূহ একেলগে খালে হণ কৰিলে ইটোৱে সিটোৰ লগত বিক্ৰিয়া কৰিব পাৰে। ইয়াৰ ফলত পেটৰ অস্বস্তি, এচিডিটি, এলাৰ্জিৰ প্ৰতিক্ৰিয়া বৃদ্ধি পাব পাৰে। কিছুমান লোকে উশাহ-নিশাহ লোৱাত অসুবিধাও অনুভৱ কৰিব পাৰে। সেয়ে তিতা খোৱাৰ সময়ত মূলা খোৱাৰ পৰা বিৰত থাকিব লাগে।

দুগ্ধজাত সামগ্ৰী

মূলা খোৱাৰ পাছত বহুলোকে গাখীৰ, দৈ আদি খায়। পেটত মূলাৰ প্ৰভাৱ ঠাণ্ডা আৰু গাখীৰৰ প্ৰভাৱ গৰম। যেতিয়া এই দুই খাদ্য পেটত মিহলি হয়, তেতিয়া বহু গুৰুতৰ পেটৰ সমস্য হব পাৰে। বিশেষকৈ ৰাতি মূলা খোৱাৰ পিছত কমেও ১ ঘণ্টা গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী খাদ্য খোৱা পৰিহাৰ কৰিব লাগে।

কমলা

বহুতে চালাড বনাওঁতে প্ৰায়ে ফলমূলৰ লগত মূলা মিহলাই খায়। প্ৰকৃততে এনেকৈ খোৱাটো একেবাৰে ভুল। মূলাৰ সৈতে কমলা খালে শৰীৰত বিষাক্ত প্ৰভাৱ পৰে। দুয়োটাৰ সংমিশ্ৰণ পেটত গধুৰ হোৱাৰ বাবে পেটৰ বিষ, এচিডিটি আৰু কেতিয়াবা বমিও হ’ব পাৰে। গতিকে মূলা আৰু কমলা কেতিয়াও একেলগে নাখাব।

চাহ

বহুতৰে খাদ্য খোৱাৰ লগে লগে চাহ খোৱাৰ অভ্যাস আছে। কিন্তু যদি আপুনি মূলা খাইছে তেন্তে লগে লগে চাহ খালে পেটৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। মূলা ঠাণ্ডা, আৰু চাহ গৰম। যেতিয়া এই দুটা বিপৰীতমুখী গুণে শৰীৰত পাৰস্পৰিক ক্ৰিয়া কৰে তেতিয়া ই গেছ, হাৰ্টবাৰ্ণ, গধুৰতা আৰু এচিডিটি বৃদ্ধি কৰে। গতিকে যদি আপুনি মূলা খাইছে তেন্তে কমেও ৩০–৪০ মিনিট পিছত চাহ খাব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin