Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
শিৱসাগৰত "প্ৰতিশ্ৰুতি কেন্সাৰ আৰু পেলিয়েটিভ ট্ৰাষ্ট"ৰ চিকিৎসা শিবিৰ...

শিৱসাগৰত "প্ৰতিশ্ৰুতি কেন্সাৰ আৰু পেলিয়েটিভ ট্ৰাষ্ট"ৰ চিকিৎসা শিবিৰ...

ডিজিটেল সংবাদ, শিৱসাগৰঃ 'প্ৰতিশ্ৰুতি কেন্সাৰ আৰু পেলিয়েটিভ ট্ৰাষ্ট' নামৰ সংস্থাটোৱে প্ৰতিবছৰে ৩১ মে' ৰ দিনটো ধপাত বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে। এইবাৰ এই দিৱস শিৱসাগৰৰ 'মেক্স কেয়াৰ ইএণ্ডটি ক্লিনিক'ৰ সহযোগত শিৱসাগৰত পালন কৰা হয়।

এই দিৱস উপলক্ষে এখনি সজাগতা সভা আৰু এটা অৰেল স্ক্ৰিনিং কেম্প মেক্স কেয়াৰ ইএণ্ডটি ক্লিনিকৰ চৌহদত অনুষ্ঠিত কৰা হয়। সজাগতা সভাত শতাধিক লোকে অংশগ্ৰহণ কৰে। প্ৰতিশ্ৰুতিৰ সদস্যা উৎপলা শ্ৰুতিকৰ বৰুৱাই আদৰণি ভাষণ আগবঢ়ায়। প্ৰতিশ্ৰুতিৰ কাৰ্যবাহী সদস্য পদুম পোনা বৰুৱাই প্ৰতিশ্ৰুতি কেন্সাৰ আৰু পেলিয়েটিভ ট্ৰাষ্ট আৰু ট্ৰাষ্টৰ কাৰ্যাৱলী সম্পৰ্কে উপস্থিত ৰাইজক বিতংধভাৱে বুজাই দিয়ে।

ডা° ফ'জিয়া চিৰিণ হেকিমে ধপাত বিৰোধী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি ধপাতে মানৱ দেহত কৰা অপকাৰ সমূহৰ বিষয়ে বাখ্যা কৰে। মেক্স কেয়াৰ ইএণ্ডটি ক্লিনিকৰ স্বত্বাধিকাৰী ডা° অঞ্জনা শৰ্মাই অৰেল স্ক্ৰিনিংৰ প্ৰয়োজনীয়তা সম্পৰ্কে বাখ্যা কৰে।

প্ৰতিশ্ৰুতিৰ সদস্য প্ৰশান্ত গগৈয়ে শিৱসাগৰত ধপাত বিৰোধী দিৱস আৰু স্ক্ৰিনিং কেম্প আয়োজন কৰা বাবে প্ৰতিশ্ৰুতিৰ শলাগ লৈ সকলোধৰণৰ সহযোগিতা আগবঢ়োৱা বাবে ডা° অঞ্জনা শৰ্মা আৰু তেওঁৰ ক্লিনিকৰ কৰ্মচাৰী সকলক ধন্যবাদ জ্ঞাপন কৰে। ৫৫ জন লোকে স্ক্ৰিনিং কেম্পৰ পৰীক্ষণ শিৱিৰত অংশ লয়।

ডা° ফ'জিয়া চিৰিণ হেকিম আৰু ডা° অঞ্জনা শৰ্মাক এই পৰীক্ষণত দন্ত চিকিৎসক ডা° মহুৱা বৰুৱা আৰু ডা° বিদিশা শৰ্মাই সক্ৰিয়ভাৱে সহায় কৰে। শিৱসাগৰৰ লাল পেথলেবৰ তৰফৰ পৰা অতি নিম্নতম মূল্যত লোকসকলৰ কলেষ্টেৰল, বহুমূত্ৰ, ইউৰিক এচিড আদিৰ পৰীক্ষাৰ বাবে ৰক্ত সংগ্ৰহ কৰে। ৰটাৰিয়ান এন কে চাহুৰ সৌজন্যত এই পৰীক্ষা শিৱিৰ অনুষ্ঠিত হয় ।

ৰক্ত পৰীক্ষাৰ যি নিম্নতম মূল্য সেইখিনি মেক্স কেয়াৰ ইএণ্ডটি ক্লিনিকে বহন কৰে। প্ৰতিশ্ৰুতিৰ সদস্য পৰীক্ষিত বৰঠাকুৰ, অহিৰ ভৈৰৱ আৰু চ'নিয়া ৰয়ে অৰেল স্ক্ৰিনিংৰ ৰেজিষ্ট্ৰেচন আৰু ৰক্তচাপ পৰীক্ষা কৰে।

শিৱসাগৰৰ বহুকেইজন প্ৰখ্যাত চিকিৎসক ডা° বীণাপাণি হাজৰিকা, ডা° উদয়াদিত্য ৰাজকোঁৱৰ, ডা° বন্দনা গুপ্তা শৰ্মা, ডা° গিৰিৰাজ শৰ্মা আৰু ডা° সুকল্যান দাসে আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি সকলোকে উৎসাহিত কৰে। প্ৰতিশ্ৰুতিৰ তৰফৰ পৰা ধপাত বিৰোধী দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলো লোক মেক্স কেয়াৰ ইএণ্ডটি ক্লিনিকৰ কৰ্মচাৰী মমী, গায়ত্ৰী আৰু লাল পেথ লেবৰ কৰ্মচাৰী সকলক ধন্যবাদ জ্ঞাপন কৰে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin