Dailyhunt

শৰীৰৰ ছাল জিলিকাই তুলিবলৈ এইদৰে লওঁক নিজৰ যতন

ডিজিটেল ডেস্ক: প্ৰাচীন কালত মানুহে ছাল পৰিস্কাৰ কৰিবলৈ ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰিছিল। এই ঘৰুৱা প্ৰতিকাৰৰ ভিতৰত অন্যতম বেচন। শৰীৰটোৰ ছাল চাফা তথা উজ্জ্বল কৰাত বেচনে এক গুৰুতৰ ভূমিকা পালন কৰে।বহু ভিতৰুৱা অঞ্চলত আজিও বডীৱাছ বা চাবোন ব্যৱহাৰ কৰাৰ সলনি গা ধোৱাৰ বাবে বেচন ব্যৱহাৰ কৰে। ছাল পৰিস্কাৰ কৰিবলৈ বেচন কিদৰে ব্যৱহাৰ কৰিব পাৰি, আজি জানো আহক-

এই প্ৰতিকাৰৰ বাবে লাগতিয়াল সামগ্ৰীসমূহ

গাখীৰ - ১ কাপ

বেচন - ৩ চাহ চামুচ

কেনেদৰে ব্যৱহাৰ কৰিব ?

প্ৰথমে এটা কাঁচৰ বাতিত গাখীৰখিনি লৈ তাত বেচন তিনি চামুহ দি ভালদৰে মিহলি কৰিব।

ইয়াৰ পাছত মুখ তথা শৰীৰত এই পেষ্টটো প্ৰয়োগ কৰিব। ১০ মিনিটৰ পাছত চাফা পানীৰে গাটো ধুই পেলাব।

বেচন আৰু গাখীৰেৰে গা ধোৱাৰ লাভালাভ

'ছান টেনিং'

শীতকালত দীঘলীয়া সময়ৰ বাবে ৰ'দত বহি থাকিলে ছালত 'টেনিং' অৰ্থাত্‍ ছাল ক'লা পৰাটো একেবাৰেই স্বাভাৱিক। সূৰ্যৰ পোহৰত, হাত, ভৰি, ডিঙি আৰু মুখমণ্ডলৰ ছাল অতি সোনকালে প্ৰভাৱিত হয়। এনে পৰিস্থিতিত, আপুনি ছালৰ পৰা 'টেনিং' আঁতৰাবলৈ তথা দাগ নিৰ্মূলৰ বাবে বেচন আৰু গাখীৰেৰে গা ধুব পাৰে। যদি আপুনি শীতকালত গা ধোৱাৰ বাবে চাবোনৰ সলনি এই মিশ্ৰণটো ব্যৱহাৰ কৰে, তেনেহ'লে ছাল সম্পূৰ্ণৰূপে পৰিস্কাৰ হোৱাৰ লগতে 'টেনিং'ৰ পৰা সম্পূৰ্ণৰূপে সকাহ পাব।

মৃত ছালৰ কোষ

শীতকালত ছালত মৃত কোষবোৰ জমা হ'বলৈ আৰম্ভ কৰে, যাৰ ফলত ছালত 'ব্লেকহেড' আৰু 'হোৱাইটহেড'ৰ সমস্যা হয়।ইয়াৰ বাবে আপুনি গা ধোৱাৰ সময়ত বেচন আৰু গাখীৰ ব্যৱহাৰ কৰিব পাৰে। ই ছালৰ মৃত কোষবোৰ আঁতৰ কৰাত সহায় কৰে।

শুকান ছাল

শীতকালত ঠাণ্ডা বতাহৰ বাবে ছাল শুকাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত সকলোয়ে প্ৰায়ে ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰে।কিন্তু, ছালৰ শুষ্কতা আঁতৰাবলৈ বেচন আৰু গাখীৰৰে তৈয়াৰ কৰা পেষ্টও আপুনি ব্যৱহাৰ কৰিব পাৰে। ই ছাল কোমল কৰাৰ লগতে নিষ্প্ৰাণ ছালৰ পৰা পৰিত্ৰাণ পোৱাতো সহায় কৰে।

শালমইনা

শীতকালত ভুল খাদ্যাভ্যাস বা অধিক সময় ৰ'দত থকাৰ বাবে মুখত শালমইনা হ'বলৈ আৰম্ভ কৰে। এই ক্ষেত্ৰত আপুনি বেচন আৰু গাখীৰৰ মিশ্ৰণ ব্যৱহাৰ কৰিব পাৰে।একে সময়তে, ইয়াক ব্যৱহাৰ কৰিলে ছালৰ সংক্ৰমণৰ পৰাও আপুনি পৰিত্ৰাণ পাব পাৰে।

শালমন, 'টেনিং', 'ছানবাৰ্ণ'কে ধৰি ছালৰ বহু সমস্যা দূৰ কৰে কেঁচা আমে
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin