Dailyhunt
শৰীৰৰ যিকোনো ঠাইত পাৰফিউমৰ ব্যৱহাৰ নকৰিব, নহ'লে বিপদ আহিব

শৰীৰৰ যিকোনো ঠাইত পাৰফিউমৰ ব্যৱহাৰ নকৰিব, নহ'লে বিপদ আহিব

ডিজিটেল ডেস্ক: পাৰফিউম বা সুগন্ধি প্ৰয়োগ কৰাটো অধিকাংশ লোকৰে দৈনন্দিন অভ্যাসৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। যিকোনো বিশেষ অনুষ্ঠান বা কাৰ্যালয়লৈ যোৱাৰ পূৰ্বে সতেজ অনুভৱ কৰিবলৈ বহুতেই সুগন্ধি ব্যৱহাৰ কৰে। কিন্তু, সুগন্ধি ব্যৱহাৰ যে শৰীৰৰ বাবে ক্ষতিকাৰক জানেনে ? হয়, কিছুমান অংশত সুগন্ধি প্ৰয়োগ কৰিলে শৰীৰটোলৈ বিপদ আহে। শৰীৰৰ এইসমূহ অংশত সুগন্ধি প্ৰয়োগ কৰিলে ছাল, স্বাস্থ্য তথা সৌন্দৰ্যত প্ৰভাৱ পৰে। সুগন্ধিয়ে গুৰুতৰ প্ৰভাৱ পেলোৱা অংশসমূহ হৈছে-

মুখ

বহুতে ভুলতে মুখ বা ডিঙিৰ ওচৰত সুগন্ধি স্প্ৰে কৰে, যাৰ বাবে সুগন্ধি পোনে পোনে বতাহত বিয়পি পৰে। সুগন্ধিত থকা এলক'হল বা আন ৰাসায়নিক পদাৰ্থই মুখৰ ছালত এলাৰ্জী, ফোহা বা বিৰক্তিৰ সৃষ্টি কৰিব পাৰে।

দীৰ্ঘদিনধৰি এইদৰে সুগন্ধি প্ৰয়োগ কৰাৰ ফলত ছালখন ক’লা আৰু শুকান হৈ পৰে।

কাষলতিৰ তল

কাষলতিৰ তল সাধাৰণতে বেছিকৈ ঘামে। সেয়েহে এই ঠাইত বহুতেই অলপ বেছিকৈ সুগন্ধি স্প্ৰে কৰে। কিন্তু ঘাম আৰু ছালৰ লগত মিহলি হোৱা সুগন্ধিৰ ৰাসায়নিক পদাৰ্থই এলাৰ্জী বা বিৰক্তিৰ সৃষ্টি কৰিব পাৰে। প্ৰয়োজনত আপুনি এলক’হলমুক্ত ডিঅ’ডৰেণ্ট ব্যৱহাৰ কৰিব পাৰে।

কটা বা জ্বলা অংশ

যদি আপোনাৰ শৰীৰৰ যিকোনো ঠাইত কটা, পোৰা বা ছালৰ কোনো সংক্ৰমণ হয়, তেন্তে সেই ঠাইত সুগন্ধি প্ৰয়োগ নকৰিব। সুগন্ধিত থকা ৰাসায়নিক পদাৰ্থই সেই ঠাইখনৰ অধিক ক্ষতি কৰিব পাৰে। ইয়াৰ ফলত বিষ, ফুলা আৰু ছালৰ যথেষ্ট ক্ষতি হ'ব পাৰে।

চকু

কিছুমান মানুহে ডিঙিৰ ওচৰত বা কাণৰ পিছফালে সুগন্ধি ব্যৱহাৰ কৰে। কিন্তু তেওঁলোকে পাহৰি যায় যে সুগন্ধিৰ বতাহ বা ছিটিকনিও চকুত আহি পৰিব পাৰে। দুই এটা টোপাল সুগন্ধিও যদি চকুলৈ যায়, তেতিয়া বিৰক্তি, পানী ওলোৱা বা দৃষ্টিশক্তি ম্লান হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই অভ্যাস পাছলৈ বিপদজনক হ’ব পাৰে।

যৌনাংগ

বহুতে শৰীৰৰ পৰা ওলোৱা গোন্ধ লুকুৱাবলৈ ব্যক্তিগত অংগৰ ওচৰত সুগন্ধি স্প্ৰে কৰে। কিন্তু ইয়াৰ ফলত কেৱল ছালৰ ক্ষতি হোৱাই নহয়, সংক্ৰমণৰ সম্ভাৱনাও বৃদ্ধি হয়। এই অংশবোৰৰ ছাল অতি সংবেদনশীল। সেয়েহে, এনে অংশত চিকিৎসকে পৰামৰ্শ দিয়া সামগ্ৰীহে ব্যৱহাৰ কৰিব লাগে।

সুগন্ধি ব্যৱহাৰ কৰাৰ উপযুক্ত ঠাই

যদি আপুনি সুগন্ধি সঠিকভাৱে প্ৰয়োগ কৰিব বিচাৰে, তেন্তে শৰীৰৰ নাড়ী বিন্দু (pulse points) যেনে হাতৰ মনিবন্ধ, কাণৰ পিছফালৰ অংশ, কিলাকুটিৰ সন্মুখভাগত লগাব। এই ঠাইবোৰে শৰীৰৰ তাপ বাহিৰ কৰে, যাৰ বাবে সুগন্ধি বেছি সময় থাকে আৰু ছালৰ ক্ষতি কম হয়।

উল্লেখ্য যে,সুগন্ধিয়ে আপোনাক আত্মবিশ্বাস দিব পাৰে ঠিকেই, কিন্তু ভুল ঠাইত প্ৰয়োগ কৰা সুগন্ধি আপোনাৰ স্বাস্থ্য আৰু ছাল দুয়োটাৰে বাবে বিপদজনক হ’ব পাৰে। পৰৱৰ্তী সময়ত যেতিয়াই আপুনি সুগন্ধি প্ৰয়োগ কৰে, তেতিয়া ওপৰত উল্লেখিত কথাবোৰত মন দিব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin