Dailyhunt

সোমবাৰে এইসমূহ দান কৰিলে সন্তুষ্ট হয় মহাদেৱ

ডিজিটেল ডেস্ক: সোমবাৰে ভগৱান শিৱৰ দিন বুলি গণ্য কৰা হয়। এই দিনটোত মহাদেৱৰ উপাসনা কৰি ভক্তই তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰে। সোমবাৰটো ভগৱান শিৱৰ লগতে চন্দ্ৰৰ সৈতেও জড়িত। যিসকল লোকৰ জীৱনত গ্ৰহৰ প্ৰতিকূল প্ৰভাৱৰ বাবে সমস্যা হৈ আছে, তেওঁলোকে সোমবাৰে কিছুমান বিশেষ কাম কৰা উচিত। জ্যোতিষ শাস্ত্ৰৰ মতে, যেতিয়া ৰাশিফলত গ্ৰহ দোষ থাকে, তেতিয়া কিছুমান বস্তু দান কৰিলে এই দোষ নিৰ্মূল হয়। সোমবাৰে কি দান কৰিলে মহাদেৱ সন্তুষ্ট হয় আৰু গ্ৰহ দোষ নাইকিয়া হয়, আজি জানো আহক-

গাখীৰ

সোমবাৰে দৰিদ্ৰ ব্যক্তিক গাখীৰ দান কৰাটো শুভ বুলি গণ্য কৰা হয়। কিয়নো ভগৱান শিৱক গাখীৰেৰে অভিষিক্ত কৰা হয়। সেয়েহে, যদি এই দিনটোত আপুনি দৰিদ্ৰ লোকক গাখীৰ দান কৰি জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনিব পাৰে।

পায়স

এই দিনটোত চাউল আৰু গাখীৰেৰে তৈয়াৰ কৰা পায়স বা ক্ষীৰ দান কৰাটোও অতি শুভ। ক্ষীৰ দান কৰিলে জীৱনত সফলতাৰ ক্ষেত্ৰত থিয় হোৱা হেঙাৰ দূৰ হয়।

বগা কাপোৰ

সোমবাৰে দৰিদ্ৰ ব্যক্তিক বগা ৰঙৰ কাপোৰ দান কৰাটোও খুব ভাল। ইয়াৰ ফলত সুস্বাস্থ্য বৰ্তি থকাৰ লগতে জীৱনলৈ সুখ-শান্তি আৰু সমৃদ্ধিৰ আগমন হয়।

ৰূপ

জ্যোতিষ শাস্ত্ৰৰ মতে, ৰূপ চন্দ্ৰ গ্ৰহৰ কাৰক। সোমবাৰে মন্দিৰ বা কোনো দৰিদ্ৰ ব্যক্তিক ৰূপ দান কৰিলে ৰাশিফলত চন্দ্ৰ গ্ৰহৰ অৱস্থান শক্তিশালী হয়। আপোনাৰ ইচ্ছা অনুসৰি আপুনি ৰূপ বা ৰূপৰে নিৰ্মিত কিছুমান সামগ্ৰীও দান কৰিব পাৰে।

তদুপৰি, ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিবলৈ প্ৰতি সোমবাৰে শিৱ মন্দিৰলৈ যাব আৰু দৰিদ্ৰ তথা শিশুক ফল, মিঠাই, অন্যান্য খাদ্য তথা ধন দান কৰিব। এনে কৰিলে মহাদেৱ সন্তুষ্ট হ'ব আৰু আপুনি তেওঁৰ আশীৰ্বাদপ্ৰাপ্ত হ'ব।

শনিবাৰে এই ১০টা ভুল কেতিয়াও নকৰিব
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin