Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
স্তম্ভিত সংগীতপ্ৰেমীঃ কিয় অৰিজিতে ল'লে এই সিদ্ধান্ত...

স্তম্ভিত সংগীতপ্ৰেমীঃ কিয় অৰিজিতে ল'লে এই সিদ্ধান্ত...

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰিজিত সিঙে নেপথ্য় কণ্ঠশিল্পী হিচাপে নতুন কোনো কাম নকৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰাৰ পিছত অনুৰাগীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে। এই ঘোষণাই সংগীতপ্ৰেমীসকলক স্তম্ভিত কৰি তুলিছে।

কিছু সময় পূৰ্বে সামাজিক মাধ্যমত এক আবেগিক বাৰ্তা শ্বেয়াৰ কৰি আৰিজিতে জনায় যে তেওঁ এতিয়াৰ পৰা প্লেবেক গায়ক হিচাপে কোনো নতুন কাম নকৰে। বাৰ্তাটোত আৰিজিতে লিখে—
'নমস্কাৰ, আটাইলৈ নৱবৰ্ষৰ শুভেচ্ছা। ইমান বছৰৰ ধৰি মোক শ্ৰোতা হিচাপে দিয়া আপোনালোকৰ ভালপোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাওঁ। মই সুখেৰে ঘোষণা কৰিছোঁ যে এতিয়াৰ পৰা মই নেপথ্য় কণ্ঠশিল্পী হিচাপে কোনো নতুন কাম নকৰোঁ। মই এই অধ্যায়টো বন্ধ কৰিছোঁ।

এই যাত্ৰা সঁচাকৈয়ে অসাধাৰণ আছিল।”

অৰিজিতৰ এই সিদ্ধান্ত ৰাজহুৱা হোৱাৰ পিছত অনুৰাগীৰ মাজত বিস্ময় আৰু আবেগিক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। আৰিজিত সিঙে প্লেবেক ত্যাগ কৰাৰ কোনো নিৰ্দিষ্ট কাৰণ এতিয়ালৈকে প্ৰকাশ কৰা নাই। লগতে তেওঁৰ আগলৈ কি কৰিব সেই সন্দৰ্ভতো কোনো তথ্য দিয়া হোৱা নাই।

অৱশ্যে সূত্ৰ অনুসৰি, জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ এই সিদ্ধান্ত কোনো ধৰণৰ বিতৰ্ক, স্বাস্থ্যজনিত সমস্যা বা হঠাৎ ক্লান্তিৰ ফল নহয়। বৰঞ্চ এই সিদ্ধান্তৰ মূলতে আছে ব্যক্তিগত বৃদ্ধি, সৃষ্টিশীল স্বাধীনতা আৰু সংগীতৰ সৈতে গভীৰভাৱে পুনৰ সংযোগ স্থাপনৰ ইচ্ছা। তেওঁ প্লেবেকৰ নিয়মীয়া হেঁচাৰ পৰা আঁতৰি আহি শিক্ষণ, স্বাধীনভাৱে সংগীত অন্বেষণ আৰু “শিল্পী” হিচাপে সৃষ্টিশীল কামত মনোনিৱেশ কৰিব বিচাৰে বুলি জানিব পৰা গৈছে। ইফালে, তেওঁ ইতিমধ্যে কণ্ঠদান কৰি থোৱা কেইটামান নতুন গান চলিত বৰ্ষৰ শেষৰ ফালে মুক্তি লাভ কৰিব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin