Dailyhunt
সুস্থ থাকিবলৈ দৈনিক কিমান পানী খাব লাগে জানেনে ?

সুস্থ থাকিবলৈ দৈনিক কিমান পানী খাব লাগে জানেনে ?

ডিজিটেল ডেস্ক: বৃক্ক বা কিডনী সুস্থ কৰি ৰখাৰ আটাইতকৈ সহজ আৰু উত্তম উপায় হ'ল হাইড্ৰেটেড হৈ থকা। বৃক্কয়ে শৰীৰৰ পৰা সকলো বেক্টেৰিয়া আঁতৰাই আমাক ৰোগৰ পৰা সুৰক্ষা দিয়ে। এই প্ৰক্ৰিয়া সুস্থিৰ হৈ থাকিলে বৃক্ক সক্ৰিয় হৈ থকাৰ লগতে বৃক্কত পাথৰ আৰু সংক্ৰমণৰ সম্ভাৱনাও কমি থাকে। তদুপৰি, ক্ৰনিক কিডনী ডিজিজ দৰে ৰোগবোৰো আঁতৰত থাকে। কিন্তু বেছিকৈ পানী খোৱাটোও স্বাস্থ্যৰ বাবে অপকাৰী। হয়, বেছিকৈ পানী খালেও আমাৰ বিভিন্ন স্বাস্থ্য সমস্যা হ'ব পাৰে। আজি এই বিষয়ে জানো আহক-

স্বাস্থ্য বিশেষজ্ঞৰ মতে, শৰীৰক যেনেকৈ পানীৰ প্ৰয়োজন হয়, ঠিক তেনেদৰে আমি বেছিকৈ পানী খালেও অসুবিধা হ'ব পাৰে। অত্যধিক পানী খালে তেজত ছ'ডিয়ামৰ মাত্ৰা হ্ৰাস পায়।

যাৰ ফলত হাইপ’নাট্ৰেমিয়া হ’ব পাৰে। গতিকে আমি ভাৰসাম্য ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। কাৰণ সকলোৰে হাইড্ৰেচনৰ প্ৰয়োজনীয়তা বয়স, বতৰ আৰু ব্যায়ামৰ ওপৰত নিৰ্ভৰ কৰে। হৃদৰোগ বা ক্ৰনিক কিডনী ডিজিজৰ দৰে সমস্যাত ভুগি থকা লোকসকলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাৰ পিছতহে হাইড্ৰেচনৰ সম্পূৰ্ণ যত্ন ল’ব লাগে।

দিনটোত প্ৰকৃততে কিমান পানী খাব লাগে ?

প্ৰতিজন ব্যক্তিৰ শৰীৰ অনুসৰি পানীৰ প্ৰয়োজনীয়তা বেলেগ হয়। কিন্তু সাধাৰণতে প্ৰাপ্তবয়স্কসকলে প্ৰতিদিনে ২ৰ পৰা ৩ লিটাৰ পানী খাব লাগে। কেতিয়াও এবাৰতে বেছি পানী খাব নালাগে। ৰাতিপুৱা শোৱাৰ পৰা উঠি এগিলাচ পানী খাই দিনটো আৰম্ভ কৰিব লাগে। সদায় লগত এটা পানীৰ বটল ৰাখিব লাগে, যাতে সময়ে সময়ে পানী খাই থাকিব পাৰে।

Also Read: শৰীৰ-মন সকলো সুস্থ কৰিব পাৰে উপবাসে

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin