Dailyhunt
টেইলৰ ছুইফট, চেলিনা গ'মেজতকৈও ধনী বলীউডৰ 'বাদশ্বাহ'

টেইলৰ ছুইফট, চেলিনা গ'মেজতকৈও ধনী বলীউডৰ 'বাদশ্বাহ'

ডিজিটেল ডেস্ক: অৱশেষত আৰবপতি হ'ল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান। বলীউডত ৩৩ বছৰ অভিনয় কৰাৰ পিছত এতিয়া ছুপাৰষ্টাৰজনৰ সম্পত্তিৰ পৰিমাণ ১.৪ বিলিয়ন ডলাৰ, অৰ্থাৎ ১২,৪৯০ কোটি। এই পৰিসংখ্যা ১ অক্টোবৰত 'হুৰুন ইণ্ডিয়া ৰিচ লিষ্ট ২০২৫'ত প্ৰকাশ হৈছে । শ্বাহৰুখে ভাৰতৰ আটাইতকৈ ধনী অভিনেতা হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে। তেওঁৰ ব্যৱসায়িক অংশীদাৰ জুহি চাওলা তথা তেওঁৰ পৰিয়াল ৭,৭৯০ কোটি টকাৰ সম্পত্তিৰে এই তালিকাত দ্বিতীয় স্থানত আছে।

'হুৰুন ইণ্ডিয়া ৰিচ লিষ্ট ২০২৫'ত উল্লেখ কৰা হৈছে যে, ৫৯ বছৰীয়া শ্বাহৰুখ খানে প্ৰথমবাৰৰ বাবে ১২,৪৯০ কোটি টকাৰ সম্পত্তিৰে আৰবপতি ক্লাবৰ অংশ হৈছে। শ্বাহৰুখ এতিয়া টেইলৰ ছুইফট (১.৩ বিলিয়ন ডলাৰ), আৰ্নল্ড শ্ব'ৱাৰ্জেনেগাৰ (১.২ বিলিয়ন ডলাৰ), জেৰী ছেইনফেল্ড (১.২ বিলিয়ন ডলাৰ), চেলিনা গ'মেজ (৭২০ মিলিয়ন ডলাৰ)কে ধৰি কেইবাজনো আন্তঃৰাষ্ট্ৰীয় চেলিব্ৰিটিতকৈ ধনী।

কোন আছে তৃতীয় স্থানত ?

শ্বাহৰুখ খান আৰু জুহি চাওলাৰ পাছত এই তালিকাত নাম অন্তৰ্ভূক্ত হৈছে হৃতিক ৰোশনৰ। হৃতিকৰ মুঠ সম্পত্তি ২১.৬ বিলিয়ন।

কি আছিল বিগত বৰ্ষত ?

এই তালিকাত বিগত বছৰতো অভিনেতা শ্বাহৰুখ খানে প্ৰথম স্থান লাভ কৰিছিল যদিও তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ৮৭ কোটি ডলাৰ। ১.৪ বিলিয়ন ডলাৰৰ এই নতুন সম্পত্তিৰ বাবে তেওঁক বিশ্বৰ আটাইতকৈ ধনী অভিনেতা হিচাপে পৰিগণিত কৰা হৈছে। শ্বাহৰুখ খানৰ প্ৰাথমিক আয় তেওঁ অভিনয় কৰা চিনেমা। শ্বাহৰুখৰ বিনিয়োগৰ বাবে তেওঁৰ ধন-সম্পত্তি যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে, য’ত ৰেড চিলিজ প্ৰডাকচন হাউচ, ভিএফএক্স ষ্টুডিঅ’ আৰু বিশ্বৰ কেইবাটাও ক্ৰিকেট দল অন্তৰ্ভুক্ত হৈ আছে। মধ্যপ্ৰাচ্যতো ৰিয়েল এষ্টেটত যথেষ্ট বিনিয়োগ কৰিছে শ্বাহৰুখ খানে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin