Dailyhunt
তেজ গোট মাৰিলে শৰীৰে দিয়ে এই সংকেত

তেজ গোট মাৰিলে শৰীৰে দিয়ে এই সংকেত

ডিজিটেল ডেস্ক: তেজ গোট মৰাটো ভাল স্বাভাৱিকতে ভাল বুলিয়েই গণ্য কৰা হয়। ইয়াৰ কাৰণ হৈছে, যদি আপুনি ক'ৰবাত আঘাতপ্ৰাপ্ত হয়, ই শৰীৰৰ পৰা অধিক তেজ ওলাই অহা প্ৰতিহত কৰে। কিন্তু, তেজ গোট মৰাটো কেতিয়াবা বিপদজনক হ'বও পাৰে। ৰক্ত নলীবোৰত তেজ গোট মৰাৰ বাবে অংগবোৰে পৰ্যাপ্ত তেজ নাপায়। শৰীৰৰ কেতবাৰ অংশত তেজ জমা হ'লে ই আপোনাৰ জীৱনলৈ ভয়াৱহ বিপদ মাতিব পাৰে। আজি এই বিষয়ে জানো আহক-

হাঁওফাঁও

হাঁওফাঁওত তেজ গোট মৰাৰ ফলত হৃদস্পন্দন দ্ৰুত হোৱাৰ লগতে কাহ মাৰিলে তেজ ওলায় তথা উশাহ লোৱাত অসুবিধা হয়। সেয়েহে, যদি আপোনাৰ এনে কিবা লক্ষণে দেখা দিয়ে, লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'ব। কিয়নো আপোনাৰ সামান্য অৱহেলাই এই ৰোগ বৃদ্ধিত অৰিহণা যোগাব পাৰে।

হৃদযন্ত্ৰ

হৃদযন্ত্ৰত তেজ গোট মৰাৰ ফলত আপুনি হাঁওফাঁওত তেজ গোট মৰাৰ দৰে লক্ষণ অনুভৱ কৰিব পাৰে। তদুপৰি আপুনি বুকুৰ বিষ, ওকালি আৰু বমি অহাও অনুভৱ কৰিব পাৰে।

মগজু

মগজুত তেজ গোট মৰাটো অতি ভয়াৱহ। দৰাচলতে, তেজৰ পৰা অক্সিজেন লাভ নকৰিলে মগজুৰ কোষবোৰ মিনিটতে মৰিবলৈ আৰম্ভ কৰে। মগজুত তেজ গোট মাৰিলে মূৰৰ চূড়ান্ত বিষ, বিভ্ৰান্তি, চিজাৰ, কথা কোৱাত সমস্যা আৰু মূৰৰ এটা অংশ দুৰ্বল হৈ পৰিব পাৰে।

পেট

পাকস্থলী আৰু খাদ্যনলীত তেজ গোট মৰাৰ ফলত তেজ বমি কৰিব হোৱাৰ লগতে শৌচৰ লগত তেজ বাহিৰ হ'ব পাৰে।

বৃক্ক

বৃক্কৰ তেজ গোট মাৰিলে তেতিয়ালৈকে ধৰা নপৰে যেতিয়ালৈকে ইয়াৰ টুকুৰা এটা ভাঙি হাঁওফাঁওত লাগি নধৰে।সাধাৰণতে বৃক্কত তেজ গোট মৰা সমস্যা শিশুৰ ক্ষেত্ৰত অধিক দেখা যায়।ইয়াৰ ফলত ওকালি অহা, জ্বৰ আৰু বমিৰ লগতে প্ৰস্ৰাৱত তেজ ওলাব পাৰে।সেয়েহে এনেধৰণৰ লক্ষণ দেখিলে শীঘ্ৰেই বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী।

Also Read: বহু গুৰুতৰ ৰোগৰ পৰা শৰীৰক সুৰক্ষিত কৰে ডালিমে

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin