Dailyhunt
"তেওঁৰ নামেই অশ্লীল, নাম চুম আৰু কাম গংগোবাই"...

"তেওঁৰ নামেই অশ্লীল, নাম চুম আৰু কাম গংগোবাই"...

ডিজিটেল ডেস্কঃ টিভিৰ বিখ্যাত ৰিয়েলিটি শ্ব' 'বিগ বছ ১৮ ত খলকনি তোলা অৰুণাচলৰ যুৱতী চুম দাৰং সন্দৰ্ভত বৰ্ণবাদী মন্তব্য কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন ইউটিউবাৰ এলভিছ যাদৱ। স'ততে সংবাদ শিৰোনামত থকা এলভিছৰ প'ডকাষ্টৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ভিডিঅ'টোত এলভিছে তেওঁৰ বন্ধু ৰজত দালালৰ সৈতে চুম দাৰং সন্দৰ্ভত প'ডকাষ্টত কেইবাটাও মন্তব্য কৰে। তেওঁ কয় যে, চুম দাৰাঙক কোনে ভাল পাব পাৰে? কাৰোবাৰ ইমান বেয়া ৰুচি কেনেকৈ হ'ব পাৰে? কৰণ বীৰ মেহৰাৰ নিশ্চয় ক'ভিড হৈছে।"

কেৱল ইমানতে শান্ত নাথাকি এলভিছে কয় যে, চুমৰ নামটোৱে অশ্লীল। তেওঁৰ নাম চুম আৰু তেওঁ কাম কৰিছে গংগুবাই কোঠেৱালীত।

এলভিছৰ এনে ভাষ্যৰ পাছতে তেওঁৰ বিৰুদ্ধে সৰৱ হৈ পৰে তেওঁৰ নিজৰ অনুৰাগীৰ লগতে নেটিজেন। এলভিছৰ এই কাণ্ডক বহু লোকে বৰ্ণবাদী' আখ্যা দিছে। সামাজিক মাধ্যমত ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে নেটিজেনে প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰা লগতে তেওঁক ট্ৰ'ল দিছে একাংশই।

একাংশই তেওঁক চিকিৎসাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰাৰ বিপৰীতে একাংশই আকৌ এলভিছৰ ফ'লাৱাৰখিনিক দোষাৰোপ কৰে। এনে ধৰণৰ মন্তব্য কৰা লোক কেনেদৰে কাৰোবাৰ আদৰ্শ হ'ব পাৰে বুলিও প্ৰশ্ন কৰে নেটিজেনে। ইফালে এই ঘটনাক লৈ মৌনতা অৱলম্বন কৰিছে চুম দাৰঙে।

উল্লেখ্য যে, বিগত দুটা বছৰে একাধিকবাৰ বিতৰ্কত নাম সাঙোৰ খাইছে এলভিছৰ। জয়পুৰৰ এখন ৰেস্তোৰাঁত ২৬ বছৰীয়া এজন যুৱকক প্ৰহাৰ কৰিছিল এলভিছে। ইয়াৰোপৰি বিগত নৱেম্বৰ মাহত সাপৰ বিহ ব্যৱহাৰ আৰু সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ইউটিউবাৰ এলভিছ যাদৱ।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin