Dailyhunt

উপেক্ষা কৰাৰ পৰিৱৰ্তে শীঘ্ৰেই ল'ব চিকিত্‍সকৰ পৰামৰ্শ

ডিজিটেল ডেস্ক: মানুহৰ শৰীৰটো মসৃণভাৱে চলাই নিয়াৰ ক্ষেত্ৰত কিডনীৰ ভূমিকা উল্লেখনীয়। জীৱনশৈলীত দেখা দিয়া অভূতপূৰ্ব পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত মানুহে আগৰ তুলনাত সম্প্ৰতি অধিক কিডনী বিকল হোৱাৰ সমস্যাত ভূগিছে।কিডনী বিকল হোৱাৰ আগতে শৰীৰত বহুতো লক্ষণে দেখা দিয়ে।আজি এই বিষয়ে জানো আহক-

প্ৰস্ৰাৱৰ সমস্যা

কিডনী ক্ষতিগ্ৰস্ত হ'লে আপোনাৰ শৰীৰে কিছুমান সংকেত দিয়া আৰম্ভ কৰে। যেনে প্ৰস্ৰাৱৰ ৰঙৰ পৰিৱৰ্তন, সঘনাই প্ৰস্ৰাৱ কৰা, কম প্ৰস্ৰাৱ কৰা, প্ৰস্ৰাৱ কৰোঁতে জ্বলা পোৰা কৰা, প্ৰস্ৰাৱৰ সৈতে তেজ বা পুঁজ ওলাই অহা ইত্যাদি।

সোৱাদৰ অৱনতি

যদি আপোনাৰ কিডনীয়ে সঠিকভাৱে কাম নকৰে, তেন্তে আপোনাৰ মুখৰ সোৱাদৰ অৱনতি হ'ব পাৰে।তদুপৰি আপোনাৰ ওকালি অহা আৰু হিকটিৰ সমস্যাও হ'ব পাৰে।যেতিয়া কিডনীৰ কাৰ্য সঠিক নহয়, শৰীৰত বিষাক্ত পদাৰ্থৰ পৰিমাণ হঠাতে বৃদ্ধি হ'বলৈ আৰম্ভ কৰে।

হাড় দুৰ্বল হোৱা

যদি আপুনি অনুভৱ কৰে যে হঠাতে আপোনাৰ হাড় দুৰ্বল হ'বলৈ আৰম্ভ কৰিছে, তেনেহ'লে আপোনাৰ কিডনীৰ ৰোগ হোৱাটো খাটাং। কিডনীৰ ৰোগ হ'লে বহুলোকৰ হাড়বোৰ থুনুকা হৈ ভাঙিবলৈ আৰম্ভ কৰে। ভিটামিন ডি আৰু কেলচিয়ামৰ বিপাকত কিডনীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

তেজৰ অভাৱ

যদি আপোনাৰ শৰীৰত বাৰে বাৰে তেজৰ অভাৱ হয়। আনকি চিকিত্‍সাৰ পাছতো হিম'গ্ল'বিন কম হৈ থাকে, আপুনি সঠিক সময়ত সতৰ্ক হোৱাটো প্ৰয়োজনীয়। কিয়নো যদি এনে হয় তেন্তে আপুনি শৰীৰতো দুৰ্বলতা অনুভৱ কৰিব। সেয়েহে ইয়াক উপেক্ষা কৰাৰ সলনি আপুনি সঠিক সময়ত কিডনী পৰীক্ষা কৰাই ল'ব।

শৰীৰ ফুলা

যদি মুখ বা চকুৰ তল ফুলি উঠে, ই কিডনী বিকল হোৱাৰ লক্ষণ। ইয়াৰ বাহিৰেও, হাত বা ভৰি ফুলিব পাৰে। সেয়েহে, নিজৰ জীৱনটো হেৰুওৱাতকৈ চিকিত্‍সকৰ পৰামৰ্শ লোৱাটোৱেই হ'ব উত্তম।

তেজ গোট মাৰিলে শৰীৰে দিয়ে এইসমূহ সংকেত
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin