Dailyhunt
ৰাজস্থানৰ কৃষকে কৰিছে হিমালয়ৰ আপেলৰ খেতি

ৰাজস্থানৰ কৃষকে কৰিছে হিমালয়ৰ আপেলৰ খেতি

ডিজিটেল ডেস্ক: মৰুভূমিত হৈছে আপেলৰ খেতি। অসম্ভৱ আৰু অবাস্তৱ যেন লগিলেও শেহতীয়াভাৱে এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ থৰ মৰুভূমি অঞ্চলত। টিলা আৰু শুকান মাটিৰ এই থৰ অঞ্চলত গ্ৰীষ্মকালীন উষ্ণতা ৪৯ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পায়। কিন্তু মৰুভূমি এতিয়া সলনি হৈছে। হিমালয় অঞ্চলত পোৱা এবিধ আপেল এতিয়া পোৱা গৈছে মৰুভূমিতো । ছিকাৰ আৰু ঝুনঝুনু জিলাৰ কৃষকসকলে এই আপেলৰ খেতি কৰি স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে, এই ফলবিধ শীতল জলবায়ুৰ অঞ্চলতহে পোৱা যায়।

ছিকাৰ অঞ্চলৰ বেৰী গাঁৱৰ কৃষক সন্তোষ খেদাৰে কেতিয়াও কল্পনা কৰা নাছিল যে তেওঁৰ সৰু পৰীক্ষাটো এখন সফল আপেলৰ বাগিচালৈ পৰিণত হ'ব। ২০১৫ চনত গুজৰাটৰ নেশ্যনেল ইনোভেচন ফাউণ্ডেচনে তেওঁক দিছিল এটা গছপুলি।

সেই গছপুলিটো এতিয়া লহ-পহকৈ বাঢ়ি প্ৰতি বতৰত ৬ হাজাৰ কিলোগ্ৰামতকৈ অধিক ফল উৎপাদন কৰা এখন সমৃদ্ধিশালী আপেল ফাৰ্মত পৰিণত হৈছে।

কৃষি বিষয়ত অধ্যয়ন কৰা সন্তোষৰ পুত্ৰ ৰাহুলে সদৰী কৰা অনুসৰি, "তেওঁলোকৰ হাতত ৰাজস্থান অৰ্গেনিক চাৰ্টিফিকেশন এজেন্সীৰ পৰা জৈৱিক কৃষিৰ প্ৰমাণ পত্ৰ আছে। হিমাচল আৰু কাশ্মীৰৰ পৰা অহা আপেলৰ বজাৰ মূল্য যদি প্ৰতি কেজিত ১০০ টকা হয়, তেন্তে আমি ইয়াক ১৫০ টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী কৰিছো।" বুলিও মন্তব্য কৰিছে কৃষকজনৰ পুত্ৰই।

উল্লেখযোগ্য যে, পৰিয়ালটোৱে দীৰ্ঘদিন ধৰি ১.২৫ একৰ মাটিত নেমু, মধুৰি আৰু মিঠা চূণৰ খেতি কৰিছিল। আপেল গছ এজোপা লগোৱাৰ কথা কেতিয়াও কল্পনাই কৰা নাছিল। সন্তোষে লগতে কয় যে, আমি প্ৰথম অৱস্থাত সন্দেহ কৰিছিলোঁ। "আমি গছজোপাত পানী দিলোঁ আৰু প্ৰয়োজন অনুসৰি জৈৱিক সাৰ ব্যৱহাৰ কৰিলোঁ। এবছৰৰ পিছত আমি ইয়াৰ ওপৰত আপেল গজি থকা দেখিলোঁ।"

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin