Dailyhunt
ৰাশিত মঙ্গলৰ আধিপত্য! শ্বাহৰুখৰ উত্থানৰ যাত্ৰাত চন্দ্ৰৰো আছে প্ৰভাৱ...

ৰাশিত মঙ্গলৰ আধিপত্য! শ্বাহৰুখৰ উত্থানৰ যাত্ৰাত চন্দ্ৰৰো আছে প্ৰভাৱ...

ডিজিটেল ডেস্কঃ বিশ্বৰ সবাতোকৈ ধনী অভিনেতা তথা বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ আজি ৬০সংখ্যক জন্মদিন। যথেষ্ট সংগ্ৰামৰ মাজেৰে আজিৰ এই পৰ্যায়ত থিয় হৈছে অভিনেতাগৰাকী। শ্বাহৰুখৰ এই উত্থানৰ ৰহস্য তেওঁৰ ৰাশিফলতেই আছে বুলি ক'ব খোজে জ্যোতিষীসকলে। অনলাইনত উপলব্ধ তথ্য অনুসৰি শ্বাহৰুখ খানৰ ৰাশি বৃশ্চিক ৰাশি, য'ত মংগল গ্ৰহৰ শাসন আছে। এই ৰাশিৰ জন্ম হোৱা মানুহৰ জীৱনত মৰমেৰে উপচি থাকে। যথেষ্ট খৰচী আৰু তেওঁলোকে সাধাৰণ বস্তু ভাল নাপায়।

বৃশ্চিক ৰাশিৰ ব্যক্তিত্ব আকৰ্ষণীয়। তেওঁলোকৰ উচ্চাকাংক্ষা, পৰিষ্কাৰ চৰিত্ৰ আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা তেওঁলোকে যিকোনো কামত উপনীত হ'বলৈ সক্ষম। যিকোনো লক্ষ্যত উপনীত হ'বলৈ তেওঁলোকে নিজৰ হৃদয় আৰু মন-মগজুক সাজু কৰি ৰাখিবলৈ সক্ষম।

এই গুণসমূহ শ্বাহৰুখ খানৰ ক্ষেত্ৰতো স্পষ্ট হৈ পৰে।

শ্বাহৰুখ খানে নিজৰ কাম হৃদয়েৰে কৰে। এই ৰাশিৰ জন্ম হোৱা লোকসকল অনুষ্ঠান আয়োজন কৰাত অতি পাকৈত। সকলোৰে প্ৰতি তেওঁলোকৰ সন্মানে তেওঁলোকক সকলোৰে প্ৰিয় কৰি তোলে। তেওঁলোকে কাৰো প্ৰতি কোনো হীনমন্যতা বা নেতিবাচক চিন্তাধাৰা আশ্ৰয় নিদিয়ে আৰু শ্বাহৰুখ খানৰ এই গুণসমূহৰ অংশীদাৰ।

শ্বাহৰুখ খানৰ জ্যোতিষ সংখ্যা ২। ২ নম্বৰ থকা সকলৰ চন্দ্ৰই শাসন কৰে। চন্দ্ৰই শান্ত মন বজাই ৰখাত সহায় কৰে। ২ নম্বৰৰ মানুহৰ বিলাসী বস্তুৰ লগত গভীৰ সম্পৰ্ক আছে। গভীৰ অধ্যয়নৰ প্ৰতি আকৰ্ষিত।কলাৰ প্ৰতি তীব্ৰ আগ্ৰহ থকা তেওঁলোক নৃত্য, গায়ন-বায়ন, অভিনয়ত পাকৈত। বহিঃৰাজ্যতো তেওঁলোকৰ ভাল যোগাযোগ আছে।

ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোকৰ দূৰদৰ্শী দৃষ্টিভংগীয়ে তেওঁলোকক লাভৰ সুবিধা প্ৰদান কৰে। তেওঁলোকৰ বিবাহিত জীৱনত সদায় প্ৰেমৰ প্ৰাধান্য থাকে। সংখ্যা বিজ্ঞানৰ মতেশ্বাহৰুখ খানৰবাবে এইটো এটা ভাল সময় । তেওঁ কিছু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’ব পাৰে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin