
ডিজিটেল ডেস্ক: শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ আমি খোৱা-বোৱাত যথেষ্ট সচেতন হোৱাটো দৰকাৰ।দৈনন্দিন খাদ্য তালিকাত কেতবোৰ খাদ্য অন্তৰ্ভূক্ত তথা কেতবোৰ খাদ্য পৰিত্যাগ কৰিয়েই আমি আমাৰ শৰীৰটো নিৰোগী কৰি ৰাখিব পাৰো।শৰীৰটোক ভয়াৱহ কেতবোৰ ৰোগৰ পৰা দূৰত ৰাখিবলৈ আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিবলগীয়া এনে এবিধ খাদ্য হৈছে 'পিংক ছল্ট'।
'পিংক ছল্ট' ইমান উপকাৰী কিয় ?
'পিংক ছল্ট'ত সাধাৰণ নিমখতকৈ কম আয়'ডিন থাকে। পটাছিয়াম, কেলচিয়াম, জিংকৰ দৰে উপাদানবোৰো ইয়াত উচ্চ পৰিমাণত পোৱা যায়।তদুপৰি,এই নিমখত আইৰণ, মেঙ্গানিজ, তাম, কোবাল্ট আদিও পোৱা যায়, যিবোৰে সাধাৰণ নিমখতকৈ শৰীৰক অধিক পুষ্টি যোগান ধৰে। যাৰ বাবে 'পিংক ছল্ট'ক শৰীৰৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।
'পিংক ছল্ট'য়ে এই ৰোগবোৰ আঁতৰ কৰে-
১. ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।
২. চৰ্দি-কাহ নিৰাময়ৰ ক্ষেত্ৰতো 'পিংক ছল্ট' অতি উপকাৰী।
৩. 'পিংক ছল্ট'য়ে আৰ্থ্ৰাইটিছ আৰু হতাশাৰ দৰে সমস্যাৰ পৰাও সকাহ দিয়ে।
৪. ই পাচন তন্ত্ৰক স্বাস্থ্যৱান কৰি ৰাখে।
৫. এই নিমখ খালে কোষ্ঠকাঠিন্য, গেছ, বদহজম, বুকু জ্বলাৰ দৰে সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰি।
৬. 'পিংক ছল্ট' খালে ইলেক্ট্ৰলাইটৰ স্তৰ নিয়ন্ত্ৰণত থাকে।ই পেশী আৰু স্নায়ুতন্ত্ৰৰ বাবেও অত্যাৱশ্যকীয়।
পুষ্টিৰে ভৰপুৰ আম খাই গৰমত স্বাস্থ্যৱান হৈ থাকক